NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

চৰম বিন্দুত ৰাছিয়া-ইউক্ৰেন বিবাদ: ইউক্ৰেন ত্যাগ কৰিবলৈ ভাৰতীয় নাগৰিকক পৰামৰ্শ দিল্লীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 20, 2022 6:17 pm
Assam student in Ukraine

ৰাছিয়া-ইউক্ৰেন বিবাদে তীব্ৰ উত্তেজনাৰ ফালে গতি কৰাৰ মাজতে ইউক্ৰেনত বাস কৰা শিক্ষাৰ্থীসহ সকলো ভাৰতীয় নাগৰিকক অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা নাথাকিলে ইউক্ৰেন ত্যাগ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ভাৰতে।

আজি এক টুইটযোগে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে কয় যে ৰাছিয়াৰ সম্ভাব্য আক্ৰমণৰ পূৰ্বে ভাৰতীয় নাগৰিকসকলে ইউক্ৰেন ত্যাগ কৰিবলৈ যিকোনো উপলব্ধ বাণিজ্যিক বা চাৰ্টাৰ বিমান বিচাৰিব লাগে।

ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে টুইট কৰি কয়, “ইউক্ৰেইনৰ পৰিস্থিতিৰ সন্দৰ্ভত অব্যাহত থকা উত্তেজনা আৰু অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা নাথাকিলে শিক্ষাৰ্থীসহ সকলো ভাৰতীয় নাগৰিকক ইউক্ৰেইন ত্যাগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।”

“ভাৰতীয় শিক্ষাৰ্থীসকলক চাৰ্টাৰ বিমানৰ আপডেটৰ বাবে সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে আন যিকোনো আপডেটৰ বাবে দূতাবাসৰ ফেচবুক, ৱেবছাইট আৰু টুইটাৰ অনুসৰণ কৰিবলৈ ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।” ভাৰতীয় দূতাবাসে কয়।

ইউক্ৰেইনত তথ্য আৰু সহায়ৰ প্ৰয়োজন হোৱা ভাৰতীয়সকলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰে।

 

শেহতীয়াকৈ ইউক্ৰেন ত্যাগ কৰিবলৈ ইচ্ছা কৰা বহু ভাৰতীয় নাগৰিকে বিমানৰ টিকট লাভ কৰা নাই বুলি বাতৰি প্ৰকাশ হৈছিল।

ইউক্ৰেনত থকা ভাৰতীয় নাগৰিকৰ সহায়ৰ বাবে ভাৰতীয় দূতাবাসত ২৪ ঘণ্টাৰ হেল্পলাইন উপলব্ধ আছে।

শেহতীয়াকৈ টাটা গোটে ক্ৰয় কৰা এয়াৰ ইণ্ডিয়াৰ তিনিখন বিশেষ বিমান ২২, ২৪ আৰু ২৬ ফেব্ৰুৱাৰীত ইউক্ৰেন অভিমুখে ৰাওনা হ’ব।

এই বিমান কেইখন ইউক্ৰেইনৰ সৰ্ববৃহৎ বৰিস্পিল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব।