NORTHEAST NOW (Assamese)
অসম

চীনৰ আগ্ৰাসানক প্ৰত্যাহ্বান; ভাৰত মহাসাগৰত ভাৰত আৰু জাপানৰ নৌ সেনাৰ যুটীয়া অনুশীলন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 28, 2020 8:35 pm
চীনৰ আগ্ৰাসানক প্ৰত্যাহ্বান; ভাৰত মহাসাগৰত ভাৰত আৰু জাপানৰ নৌ সেনাৰ যুটীয়া অনুশীলন

চীনৰ সৈতে পূব লাডাখ সীমান্তত উত্তেজনা বৃদ্ধি পাই থকাৰ সময়তে শনিবাৰে ভাৰত আৰু জাপানৰ নৌ সেনাই ভাৰত মহাসাগৰত যুটীয়া অনুশীলন কৰে।

চীনে ভাৰত মহাসাগৰত নৌ সেনা বাহিনীৰ উপস্থিতি বৃদ্ধি কৰাৰ সময়তে ভাৰত মহাসাগৰত ভাৰত আৰু জাপানৰ যুটীয়া সামৰিক অনুশীলনে যথেষ্ট তাৎপৰ্য্য বহন  কৰিছে।

”আমি আমাৰ বন্ধু ৰাষ্ট্ৰ সকলৰ সৈতে একাত্ম হৈ থকাটো প্ৰয়োজন যাতে চীনে বুজি পাই যে আমাক আক্ৰমণ কৰিলে জাপান আৰু আমেৰিকাৰ পৰাও প্ৰত্যাহ্বান আহিব পাৰে,” প্ৰাক্তন নৌ সেনা বিষয়া প্ৰদীপ চৌহানে এইদৰে কয়।

উল্লেখযোগ্য যে, লাডাখ সীমান্তত ভাৰত আৰু চীনৰ মাজত উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে কিছুদিন পূৰ্বে লাডাখত ভাৰতীয় সেনা বাহিনী আৰু বায়ু সেনা বাহিনীয়ে যুটীয়া অনুশীলন কৰিছিল।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰয়ো দক্ষিণ চীন সাগৰত নিজৰ নৌ সেনাৰ শক্তি বৃদ্ধি কৰিছে।

দক্ষিণ এছিয়াৰ দেশ সমূহৰ বাবে চীনা সৃষ্টি কৰা প্ৰত্যাহ্বান নিয়ন্ত্ৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকৰ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা সেনা বাহিনীৰ স্থিতি সলনি কৰিব বুলিও উল্লেখ কৰিছিল।