NORTHEAST NOW (Assamese)

ফিফা বিশ্বকাপ কোৱালিফায়াৰ : আজি ভাৰত-ওমানৰ গুৰুত্বপূৰ্ণ খেল

November 19, 2019 5:38 pm · এন ই নাও নিউজ
সুনীল ছেত্ৰী, উৎস-ইন্টাৰনেট

ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ এখন গুৰুত্বপূৰ্ণ খেলত আজি শক্তিশালী ওমানৰ মুখামুখি হ’ব সুনীল ছেত্ৰী নেতৃত্বাধীন ভাৰত।

ফিফা বিশ্বকাপৰ পৰৱৰ্তী পৰ্যায়লৈ উপনীত হোৱাৰ বাবে আজি ভাৰতৰ বাবে জয়ৰ বাদে অন্য বিকল্প নাই।

উল্লেখযোগ্য যে, ভাৰতে গুৱাহাটীত অনুষ্ঠিত হোৱা বিশ্বকাপ কোৱালিফায়াৰৰ প্ৰথমখন খেলত ওমানৰ বিৰুদ্ধে ২-১ গ’লত পৰাস্ত হৈছিল।

ভাৰতে এতিয়ালৈ খেলা মুঠ ৪ খেলৰ ভিতৰত তিনিখনত ড্ৰ আৰু এখনত পৰাজয়েৰে মুঠ ৩ পইণ্ট সংগ্ৰহ কৰি গ্ৰুপ ‘ই’ৰ তৃতীয় স্থানত আছে।

ভাৰতে শেহতীয়াভাৱে আপেক্ষিকভাৱে দুৰ্বল আফগানিস্তান আৰু বাংলাদেশৰ বিৰুদ্ধে ড্ৰ খেলি পইণ্ট ভগাই ল’বলৈ বাধ্য হৈছিল।

ভাৰতীয় দলৰ বাবে মূল সমস্যা হৈছে ৰক্ষণ আৰু আক্ৰমণ বিভাগ।

ভাৰতৰ আক্ৰমণ বিভাগে যেনেদৰে গ’ল কৰাত ব্যৰ্থ হৈছে তেনেদৰে ৰক্ষণ বিভাগ গ’ল প্ৰতিহত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে।

আক্ৰমণ বিভাগত অধিনায়ক সুনীল ছেত্ৰীৰ বাহিৰে আন ষ্ট্ৰাইকাৰ সকলে সুযোগ গ’ললৈ ৰূপান্তৰ কৰাত সফল হ’ব পৰা নায়।

তেনেদৰে নিৰ্ভৰযোগ্য ডিফেণ্ডাৰ সন্দেশ ঝিগানৰ আঘাত ভাৰতীয় দলৰ প্ৰশিক্ষক ইগৰ ষ্টিমাকৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছে।

Related News