NORTHEAST NOW (Assamese)
অসম

ছেপ্তেম্বৰত সীমা বিষয়ত আলোচনাত অংশ ল’ব ভাৰত-বাংলাদেশে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 26, 2020 10:55 am

সীমান্তৰ বিষয় লৈ ছেপ্তেম্বৰত ভাৰত আৰু বাংলাদেশৰ মাজত উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ’ব।

ঢাকাৰ পিলখানাত ১৩-১৮ ছেপ্তেম্বৰৰ ভিতৰত সঞ্চালক প্ৰধান স্তৰত দুয়োখন দেশৰ মাজত সীমা বিষয়ত আলোচনা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

বৈঠকত সীমান্ত অঞ্চলত সংঘটিত হৈ অহা অপৰাধ আৰু নিৰাপত্তাৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বান সম্পৰ্কত আলোচনা কৰা হ’ব।

বি এছ এফ আৰু বি জি বিৰ মাজত প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে সীমা বিষয়ত আলোচনা অনুষ্ঠিত হৈ আহিছে।

ছেপ্তেম্বৰত বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া উচ্চস্তৰীয় বৈঠকত নতুনকৈ নিযুক্তি লাভ কৰা বি এছ এফৰ ডি জি ৰাকেশ অস্থানাই ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব প্ৰদান কৰিব।

আনহাতে, বাংলেদশৰ প্ৰতিনিধি দলক বি জি বিৰ ডি জি মেজৰ জেনেৰেল মহম্মদ চাফিনুল ইছলামে নেতৃত্ব প্ৰদান কৰিব।

বিগত বৰ্ষৰ ডিচেম্বৰত বাংলাদেশ আৰু ভাৰতে আলোচনাত অংশগ্ৰহণ কৰিছিল।