NORTHEAST NOW (Assamese)
অসম

২০১৯ৰ জানুৱাৰি বৃহত্তৰ নইডাত অনুষ্ঠিত হ’ব ভাৰত-বাংলা খাদ্য মহোৎসৱ

Posted by: ৰাজীৱ ৰয় Updated by: ৰাজীৱ ৰয় October 11, 2018 9:52 pm
download (12

আগন্তুক বৰ্ষৰ জানুৱাৰিত বৃহত্তৰ নইডাত অনুষ্ঠিত হ’বলগীয়া ইণ্ডাছ ফুড-২ খাদ্য মহোৎসৱত যোগদান কৰিবলৈ বাংলাদেশে এটা শক্তিশালী ক্ৰেতা সঁজাতী দল প্ৰেৰণ কৰিছে।

বৃহত্তৰ নইডাত এই খাদ্য মহোৎসৱখন যুটীয়াভাৱে আয়োজন কৰিছে দুয়োখন দেশৰে বাণিজ্য বিভাগ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে।

ভাৰত-বাংলাদেশ চেম্বাৰ আব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ  (IBCCI) ঢাকাস্থিত সচিব আৰু মুখ্য কাৰ্যবাহী বিষয়া জাহাংগীৰ আলমে এই কথা ঘোষণা কৰিছে। আলমে দিল্লীৰ ভাৰতীয় বাণিজ্য উদগনি পৰিষদৰ (TPCI) কাৰ্যালয় ভ্ৰমণ কৰিছিল। ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যই ৯ বিলি.ন আমেৰিকান ডলাৰ স্পৰ্শ কৰিছে আৰু ইয়াৰে বাংলাদেশে ৯০০ মিলিয়ন আমেৰিকান ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছে।

ভাৰতৰ পৰা বাংলাদেশলৈকে খাদ্য আৰু পানীয় ৰপ্তানিৰ যথেষ্ট সুযোগ আছে। বৰ্তমান বাংলাদেশে আমদানি কৰা খাদ্য আৰু পানীয়ৰ মুঠ মূল্য হৈছে ৫০১৬.৪ মিলিয়ন আমেৰিকান ডলাৰ। ভাৰতে বাংলাদেশলৈ ৩৩২.৪ মিলিয়ন ডলাৰৰ খাদ্য আৰু পানীয় ৰপ্তানি কৰি তৃতীয় স্থানত আছে।

দুয়োদেশৰ মাজত যোগাযোগ উন্নত হ’লে বাণিজ্যৰ আৰু প্ৰসাৰ ঘটিব বুলি আলমে কয়।

ছিংগাপুৰৰ বন্দৰৰ পৰা অধিকাংশ ভাৰত-বাংলাদেশ বাণিজ্য সম্পন্ন হয়। ১৯৬৫ চনলৈকে বাংলাদেশ আৰু ভাৰতৰ বিভিন্ন চহৰক সংযোগ কৰা নদী জলপথসমূহ কাৰ্যক্ষম আছিল। এই নদী জলপথসমূহ নতুনকৈ মুকলি কৰাৰ বাবে শেহতীয়াভাৱে গ্ৰহণ কৰা পদক্ষেপে দুয়ো দেশৰ মাজৰ আন্তৰ্জাতিক বাণিজ্যৰ যাতায়াত সৰল কৰাই নহয়, ভাৰতৰ মূল ভূ-খণ্ডৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ মাজতো যাতায়াত উন্নত কৰিব।
‘ইণ্ডাছ-ফুড’ক বিশ্ব খাদ্য ছুপাৰমাৰ্কেট (World Food Supermarket) হিচাপে বিজ্ঞাপন কৰা হৈছে—যি স্থান ভাৰতৰ খাদ্য আৰু পানীয় সম্পৰ্কীয় সকলো প্ৰয়োজনীয় সামগ্ৰীৰ একোটা স্থানতে পাব পৰা স্থান।