NORTHEAST NOW (Assamese)
দেশ

জৰ্জৰিত চুডান: ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেচন কাবেৰী’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 24, 2023 7:54 pm
Operation Kaveri Sudan

গৃহযুদ্ধত জৰ্জৰিত হৈছে আফ্ৰিকান ৰাষ্ট্ৰ চুডান। সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত ক্ষমতাৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে দেশখনত। এই সংঘাতৰ পৰিণতিত দেশখনত এইপৰ্যন্ত চাৰি শতাধিক লোক নিহত হোৱাৰ লগতে প্ৰায় কমেও ৩৭০০ লোক আহত হৈছে।

সংঘৰ্ষ জৰ্জৰিত চুডানৰ পৰা ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই অনাৰ বাবে আজি ভাৰতে আৰম্ভ কৰিছে ‘অপাৰেচন কাবেৰী’। এক টুইটযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই উদ্ধাৰ অভিযানৰ বাবে প্ৰায় ৫০০ ভাৰতীয়ই প’ৰ্ট চুডানত উপস্থিত হৈছে বুলি উল্লেখ কৰিছে।

টুইট যোগে জয়শংকৰে কয়, “চুডানত আবদ্ধ হৈ থকা আমাৰ নাগৰিকসকলক ঘূৰাই অনাৰ বাবে অপাৰেচন কাবেৰী আৰম্ভ হৈছে। প্ৰায় ৫০০ ভাৰতীয়ই প’ৰ্ট চুডানত উপস্থিত হৈছে। আৰু অধিক লোক যাত্ৰাপথত আছে।”

“আমাৰ জাহাজ আৰু বিমানে তেওঁলোকক স্বগৃহলৈ ঘূৰাই আনিবলৈ সাজু হৈছে। চুডানত থকা আমাৰ সকলো ভাই-ভনীক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”- বিদেশমন্ত্ৰী জয়শংকৰে লগতে কয়।

উল্লেখ্য যে, ভাৰতে দেওবাৰে ভাৰতীয় নাগৰিকৰ স্থানান্তৰৰ বাবে বায়ুসেনাৰ চি-১৩০জে জেদ্দাত সাজু হৈ থকাৰ লগতে আৰু আই এন এছ সুমেধাই প’ৰ্ট চুডানত উপস্থিত হৈছে বুলি ঘোষণা কৰিছিল।

যোৱা শনিবাৰে বিভিন্ন দেশৰ পৰা ১৫০ জনতকৈ অধিক লোক চুডানৰ পৰা চৌদি আৰৱত উপস্থিত হৈছিল। চৌদি আৰৱৰ বাহিৰেও ভাৰতকে ধৰি আন ১২ খন দেশৰ নাগৰিক এই লোকসকলৰ মাজত আছিল।

ইফালে আজি ফ্ৰান্সে ভাৰতীয় নাগৰিককে ধৰি ২৮ খন দেশৰ ৩৮৮ জন লোকক স্থানান্তৰিত কৰে। প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে, চুডানৰ এই গৃহযুদ্ধত ইতিমধ্যে দেশখনত কৰ্মৰত এলবাৰ্ট অগেষ্টিন নামৰ এগৰাকী ভাৰতীয় লোকৰ মৃত্যু হৈছে।