NORTHEAST NOW (Assamese)
অসম

Jharkhand Assembly Election Result: শেহতীয়া গণনাত ঝাৰখণ্ডত জেএমএম-কংগ্ৰেছ জোঁটে ব্যাপক অগ্ৰগতি লাভ কৰিছে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 23, 2024 10:48 am

আজি ফলাফল প্ৰকাশ পাব ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল। ইয়াৰ পূৰ্বে  ৰাজ্যখনত দুটা ৰাউণ্ডৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। বাংলাদেশৰ অনুপ্ৰৱেশকে ধৰি দুৰ্নীতি এই নিৰ্বাচনত ঝাৰখণ্ডত এটা ডাঙৰ বিষয় আছিল। ইফালে ভোটদানৰ পিছৰ সমীক্ষাত দেখা গৈছিল যে হেমন্ত ছ’ৰেনে ঝাৰখণ্ডত সংকটৰ সন্মুখীন হ’ব পাৰে। কিন্তু এগজিট পোল শেষত শুদ্ধ বুলি প্ৰমাণিত হয় নে নহয়, আজি তালৈ সকলোৰে চকু থাকিব।

ঝাৰখণ্ডত মেজিক ফিগাৰ স্পৰ্শৰ দিশত বিজেপি আৰু জেএমম-কংগ্ৰেছ জোঁটৰ মাজত যুঁজ চলিছে। শেহতীয়া গণনাৰ ফলাফল অনুসৰি জেএমম-কংগ্ৰেছ জোঁট বিজেপিৰ তুলনাত বহু আগবাঢ়ি গৈছে।

শেহতীয়া গণনা অনুসৰি জেএমম-কংগ্ৰেছ জোঁট ৫০ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ২৮খন আসনতহে আগবাঢ়িছে। এই অৱস্থাত জেএমম-কংগ্ৰেছ জোঁটে মেজিক ফিগাৰ ৪১ অতিক্ৰম কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে।