NORTHEAST NOW (Assamese)

‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

August 22, 2025 10:20 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙে আমেৰিকাৰ মনোভাৱক ‘মহিমা বুলি পোনপটীয়াকৈ আক্ৰমণ কৰিছে। তেওঁ দাবী কৰে যে আমেৰিকাই বহু দিন ধৰি মুক্ত বাণিজ্যৰ দ্বাৰা লাভৱান হৈছে যদিও এতিয়া আমেৰিকাই শুল্কক আহিলা হিচাপে ব্যৱহাৰ কৰিছে। তেওঁ কয় যে ভাৰতলৈ ৰপ্তানি কৰা একাংশ সামগ্ৰীৰ ওপৰত আমেৰিকা প্ৰশাসনে ৫০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰিছে, যাৰ বিৰোধিতা বেইজিঙে কৰিছে।

ৰাষ্ট্ৰদূতগৰাকীয়ে কয়, ‘‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন।ইজনে সিজনৰ বজাৰত প্ৰৱেশ কৰি দুয়োখন দেশে যৌথভাৱে এনে শক্তি গঢ়ি তুলিব পাৰিব, যাৰ প্ৰভাৱ দুটাতকৈ অধিক হব।

তেওঁ কয় যে, চীনে ভাৰতীয় সামগ্ৰীৰ বাবে আৰু অধিক বজাৰ মুকলি কৰাৰ মনস্থ কৰিছে। বিশেষকৈ তথ্য প্ৰযুক্তি, চফটৱেৰ আৰু বায়মেডিচিনত ভাৰতৰ প্ৰতিযোগিতামূলক স্থান আছে। আনহাতে, ইলেক্ট্ৰনিকছ উৎপাদন, আন্তঃগাঁথনি নিৰ্মাণ আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত চীন দ্ৰুতগতিত বৃদ্ধি পাইছে। তেওঁৰ মতে এই দুয়োটা ক্ষেত্ৰ একত্ৰিত হলে দুয়োখন দেশেই যথেষ্ট অগ্ৰগতি লাভ কৰিব পাৰে।

একে সময়তে ৰাষ্ট্ৰদূতগৰাকীয়ে দাবী কৰে যে চীনে ভাৰতীয় কোম্পানীসমূহে নিজৰ দেশত অধিক বিনিয়োগ কৰাটো বিচাৰে। তদুপৰি তেওঁ আশা কৰে যে ভাৰত চৰকাৰে চীনৰ কোম্পানীসমূহক এক ন্যায্য আৰু বৈষম্যহীন ব্যৱসায়িক পৰিৱেশ প্ৰদান কৰিব, যাতে দুয়োখন দেশৰ উদ্যোগসমূহ একেলগে আগবাঢ়িব পাৰে আৰু দুয়োখন দেশৰ জনসাধাৰণে লাভৱান হব পাৰে।

প্ৰসংগক্ৰমে শেহতীয়াকৈ আমেৰিকাই ভাৰতৰ কিছুমান আমদানিৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ভিতৰত আছে ২৫ শতাংশ বাণিজ্যিক শুল্ক আৰু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে অতিৰিক্ত ২৫ শতাংশ জৰিমনা। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে ভাৰতে পৰোক্ষভাৱে ধন আগবঢ়াইছে বুলি আমেৰিকাই অভিযোগ উত্থাপন কৰিছে। ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হব এই নতুন শুল্ক।

Related News