NORTHEAST NOW (Assamese)

দীৰ্ঘম্যাদী সংঘাতৰ আশংকা!: সীমান্তত শক্তি বৃদ্ধি কৰিছে চীনে, বহি থকা নাই ভাৰতেও

July 2, 2020 8:50 am · এন ই নাও নিউজ
Updated: July 2, 2020 8:55 am
প্ৰতিনিধিত্বমূলক ফ'টো, উৎস- ৰয়টাৰ

লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাক লৈ উত্তেজনা প্ৰশমিত হোৱা নাই দুই প্ৰতিৱেশী ৰাষ্ট্ৰৰ মাজত।

দুই পক্ষৰ মাজৰ সেনাৰ ক’ৰ কামাণ্ডাৰ স্তৰৰ বৈঠকৰ মাজতো উত্তেজনাই বিৰাজ কৰি আছে সীমান্তত।

আলোচনাৰ সমান্তৰালভাৱে চীনে ভাৰত চীন সীমান্তত সৈন্য বাহিনীৰ মোতায়েন আৰু সঞ্চালন বৃদ্ধি কৰা বুলি দাবী কৰিছে ভাৰতে।

তিব্বত আৰু জিনজিয়াং প্ৰদেশৰ ভাৰত-চীন সীমান্তত চীনে প্ৰায় ১০ হাজাৰ অতিৰিক্ত চীনা সৈন্য মোতায়েন কৰিছে।

সীমান্তৰ বিবাদ দিল্লীয়ে আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ পোষকতা কৰিছে যদিও চীনা সৈন্যৰ সীমান্তৰ গতি বিধিৰ ওপৰত ভাৰতীয় সেনাই তীক্ষ্ম নজৰ ৰাখিছে বুলি জনাইছে এক চৰকাৰী সূত্ৰই।

চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কয় যে, ভাৰত-চীনৰ সীমান্ত অঞ্চলত চীনে প্ৰায় ২০ হাজাৰ পদাতিক সৈন্য মোতায়েন কৰিছে।

ইয়াৰ উপৰি উত্তৰ জিনজিয়াং প্ৰদেশতো অতিৰিক্ত সেনা মোতায়েন কৰিছে চীনে।

ভাৰতেও চীনক যথোচিত প্ৰত্যুত্তৰ দিব পৰাকৈ প্ৰস্তুতি চলাইছে বুলি কয় উক্ত সূত্ৰটোৱে।

সূত্ৰটোৰ মতে ভাৰতেও পূৱ লাডাখত অতিৰিক্ত পদাতিক সেনা মোতায়েন কৰি ৰাখিছে।

দীৰ্ঘ সময়লৈ হোৱাকৈ সেনা বাহিনীৰ বাবে ৰচদ-পাতিকে ধৰি সকলোধৰণৰ প্ৰয়োজনীয় সামগ্ৰী, সা-সৰঞ্জাম মজুত কৰিছে ভাৰতীয় সেনাই।

অতিৰিক্ত টেংক আৰু অন্যান্য অস্ত্ৰপাতিয়ো লাডাখ সীমান্তলৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে ভাৰতীয় সেনাই।

Related News