NORTHEAST NOW (Assamese)
Popular Stories

ভাৰত-চীন সংঘাত : পাংগং হ্ৰদলৈ এক ডজন উচ্চ ক্ষমতাসম্পন্ন নৌ সেনাৰ নাও প্ৰেৰণ কৰিব ভাৰতে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 1, 2020 2:47 pm
unnamed

কালিৰ পৰা আৰম্ভ হৈছে লাডাখ সীমান্ত ভাৰত-চীন সেনাৰ ক’ৰ কামাণ্ডাৰ স্তৰৰ তৃতীয় পৰ্যায়ৰ বৈঠক।

ভাৰতীয় সেনা সূত্ৰ অনুসৰি কালিৰ বৈঠকত কোনো সমাধান সূত্ৰ উলোৱা নাই।

গালৱান উপত্যকাৰ পৰা নিজৰ সেনা বাহিনী পিছুৱাই নিবলৈ সন্মত হোৱা নাই চীন।

ইয়াৰ পিছতে ভাৰতে স্থল আৰু বায়ু সেনাৰ লগতে লাডাখৰ পাংগং হ্ৰদত ভাৰতীয় নৌসেনা মোতায়েন কৰাৰ সিদ্ধান্ত লৈছে।

পাংগং হ্ৰদত ভাৰতীয় নৌ সেনায়ো টহলদাৰীৰ কাম আৰম্ভ কৰিব। তাৰ বাবে নৌ সেনাৰ এক ডজন উচ্চ ক্ষমতাসম্পন্ন নাও পাংগং হ্ৰদলৈ নিয়া হ’ব।

উল্লেখ্য যে, ইতিমধ্যে ৯২৮বি নাৱেৰে চীনা সৈন্যই পাংগং হ্ৰদত পহৰা দি আহিছে। পাংগং হ্ৰদত চীনা নৌ সেনাৰে মোকাবিলা কৰিবলৈ ভাৰতে চি-৭ হেভী লিফ্টাৰ ব’য়িঙ বিমানেৰে জৰুৰীভাৱে ভাৰতীয় নৌ সেনাৰ নাওসমূহ প্ৰেৰণ কৰিব।

ইফালে পাংগং হ্ৰদলৈ ভাৰতীয় নৌ বাহিনীৰ নাও প্ৰেৰণ কৰিলেও নতুন দিল্লীয়ে প্ৰথমে সীমান্তত আগ্ৰাসী পদক্ষেপ নলয়।

চীনে সৃষ্টি কৰা যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ভাৰতে সীমান্তত নিজকে সাজু কৰি ৰাখিবলৈ এই পদক্ষেপ লৈছে বুলি সেনা সূত্ৰত প্ৰকাশ।

মঙলবাৰে ভাৰত আৰু চীনা সেনাৰ মাজৰ ক’ৰ কামাণ্ডাৰ পৰ্যায়ৰ তৃতীয় বৈঠক শান্তিপূৰ্ণভাৱে হ’লেও চীনে গালৱান উপত্যকা আৰু পাংগং হ্ৰদৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা চীনা সৈন্য পিছুৱাই নিবলৈ সন্মত হোৱা নাই বুলি ভাৰতীয় সেনা সূত্ৰত প্ৰকাশ।

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনে ৰেচন পাতিসহ গোলা বাৰুদ মজুত কৰাৰ দৃশ্য বিভিন্ন দেশী বিদেশী উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে। সেনা ছাউনীৰ সংখ্যা বৃদ্ধিৰ লগতে আন্তঃগাঠনি নিৰ্মাণৰো দৃশ্যও ধৰা পৰিছে।

এনে পৰিস্থিতিত বেইজিঙে সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত আক্ৰমণ সংঘটিত কৰিলে ভাৰতে যাতে তাৰ যথোচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয় তাৰবাবে নতুন দিল্লীয়ে এই কৌশল প্ৰস্তুত কৰিছে।