পাঁচ বছৰৰ পাছত পুনৰ আৰম্ভ হ’ব ভাৰত-চীনৰ পোনপটীয়া বিমান যোগাযোগ
প্ৰায় পাঁচ বছৰৰ অন্তত ভাৰত আৰু চীনে পুনৰ প্ৰত্যক্ষ বিমান যাত্ৰা আৰম্ভ কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ বাণিজ্য আৰু অৰ্থনৈতিক সংকট দূৰ কৰাৰ কামত সন্মতি প্ৰকাশ কৰিছে। এই তথ্য মঙলবাৰে নতুন দিল্লীৰ বিষয়াসকলৰ উদ্ধৃতি দি ব্ৰিটিছ সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ কৰিছে।
উল্লেখ্য যে, ২০২০ চনত সীমান্তত দুয়োখন দেশৰ সামৰিক বাহিনীৰ মাজত সংঘৰ্ষৰ ফলত দুয়োখন দেশৰ সম্পৰ্ক তীব্ৰ অৱনতি ঘটে। পাছত দুয়োখন দেশৰ মাজত বিমান পৰিবহণো বন্ধ কৰি দিয়া হয় আৰু পাৰস্পৰিক বাণিজ্যিক ব্যৱস্থা গ্ৰহণ কৰা হয়। এই সংকটৰ অন্ত পেলাবলৈ এই চুবুৰীয়া দেশ দুখনে শেহতীয়াকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।
সোমবাৰে বেইজিঙত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে দুয়োপক্ষই বিমান পৰিবহণ পুনৰ আৰম্ভ কৰাৰ কাঠামো সন্দৰ্ভত আলোচনা কৰিব।
মঙলবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে ভাৰতৰ সৈতে বিমান যোগাযোগ অতি শীঘ্ৰে পুনৰ আৰম্ভ হ’ব। চীনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে চীন আৰু ভাৰতে দ্বিপাক্ষিক সম্পৰ্কত “পাৰস্পৰিক সমৰ্থন আৰু কৃতিত্ব”ৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’ব লাগে, “সন্দেহ” আৰু “বিচ্ছিন্নতা” এৰাই চলিব লাগে। ভাৰতৰ বৈদেশিক সচিবৰ ওচৰত এই বিষয়টো অৱগত কৰিছে ৱাং য়ীয়ে।
নতুন দিল্লীৰ বিবৃতিত কোৱা হৈছে যে এই বৈঠকত অৰ্থনৈতিক আৰু বাণিজ্য খণ্ডত উদ্বেগজনক নিৰ্দিষ্ট বিষয়সমূহ সমাধান কৰাৰ লগতে দীৰ্ঘম্যাদী নীতিৰ স্বচ্ছতা বজাই ৰখা আৰু পাৰস্পৰিক তথ্য বিনিময়ৰ বিষয়েও আলোচনা কৰা হয়।
বিশ্লেষকসকলে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অবিৰত অৰ্থনৈতিক আৰু বাণিজ্যিক ভাবুকিয়ে চীন আৰু ভাৰতক অধিক ঘনিষ্ঠভাৱে কাম কৰিবলৈ উৎসাহিত কৰিছে।
ট্ৰাম্পে চীনৰ ওপৰত শুল্ক আৰোপ কৰিব বুলি সকীয়াই দিছে, আৰু ভাৰত চীনৰ বাবে এখন ডাঙৰ বজাৰ। আনহাতে নতুন দিল্লীয়ে চীনৰ বিশেষজ্ঞতা, সঁজুলি, আৰু যন্ত্ৰপাতি বিচাৰে যাতে ৰপ্তানি আৰু অৰ্থনীতি বৃদ্ধি পায়। উভয় পক্ষৰ উচ্চ পৰ্যায়ৰ বৈঠকত এই বিষয়সমূহ উত্থাপন কৰা হৈছে।
নতুন দিল্লীস্থিত থিংক টেংক অব্জাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ মুৰব্বী হৰ্ছ পণ্টে কয় যে যদি চীনৰ অৰ্থনীতিৰ প্ৰতি ড’নাল্ড ট্ৰাম্পৰ ভাবুকি বৃদ্ধি পায় তেন্তে চীনে ভাৰতৰ সৈতে এনে সম্পৰ্ক বিচাৰিব যে: যিটো ২০২০ চনৰ তুলনাত অৰ্থনৈতিক আৰু কৌশলগতভাৱে তুলনামূলকভাৱে ডাঙৰ হ’ব।
২০২৪ চনৰ মাৰ্চ মাহত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক বাণিজ্য চাৰি শতাংশ বৃদ্ধি পাই ১১৮.৪০ বিলিয়ন ডলাৰ হৈছে; ইয়াৰে অধিকাংশই ভাৰতে চীনৰ পৰা আমদানি কৰিছিল।