NORTHEAST NOW (Assamese)

ভাৰতীয় সেনাৰ মনোবল ভাঙিবলৈ লাডাখ সীমান্তত চীনে বজাইছে পাঞ্জাৱী সংগীত,হিন্দী ভাষণ

September 17, 2020 4:33 pm · এন ই নাও নিউজ
Updated: September 17, 2020 4:39 pm

চীন-ভাৰত সীমান্তৰ লাডাখৰ পাহাৰ-পৰ্বত ভেদ কৰি এতিয়া বাজি উঠিছে পাঞ্জাৱী সংগীত।

প্ৰেমিকাই প্ৰেমিকক উদ্দেশ্যি হিয়া উজাৰি গাইছে গান।

কিন্তু সীমান্তত সদা ব্যস্ত ভাৰতীয় সেনাই বজোৱা নাই এই বিৰহৰ পাঞ্জাৱী সংগীত।

তেন্তে কোনে বজাইছে এই সংগীত? দৰাচলতে চীনৰ সেনাই ভাৰতীয় সেনাক উদ্দেশ্যি বজাইছে এনে সংগীত।

উচ্চস্বৰত এনেদৰে বিৰহৰ গীত শুনাই চীনৰ সেনাই সীমান্তত কৰ্মৰত ভাৰতীয় সেনা জোৱানসকলক এৰি থৈ অহা ঘৰখনলৈ মনত পেলাই দিব বিচাৰিছে।

ঘৰলৈ মনত পৰিলে সেনা জোৱানসকলৰ মনোৱল ভাঙি যাব,এই উদ্দেশ্যলৈয়েই চীনৰ সেনাই লাডাখৰ পাংগং লেকৰ উত্তৰ অংশৰ ফিংগাৰ ৪ অঞ্চলত উচ্চস্বৰত বজাই গৈছে পাঞ্জাৱী গীত।

কেৱল সেয়াই নহয়,চীনৰ সেনাই গীতৰ মাজে মাজে হিন্দীতে দিয়া ভাষণো বজাইছে।

ভাষণত কোৱা হৈছে যে দিল্লীৰ চৰকাৰৰ ভুলনীতিৰ বাবেই ভাৰতীয় সেনা জোৱানসকলে প্ৰচণ্ড শীতৰ মাজতো লাডাখত  পহৰা দিবলগীয়া হৈছে।

ভাৰতীয় সেনা জোৱানসকলৰ এনে দুৰ্দশাৰ বাবে চৰকাৰেই দায়ী বুলি চীনৰ সেনাই বজোৱা ভাষণত উল্লেখ কৰা হৈছে।

ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ সময়তো চীনৰ সেনাই ভাৰতীয় সেনাৰ মনোবল ভাঙিবলৈ এনেদৰে গীত বজাইছিল।

কিন্তু চীনৰ এনে কৌশলে ভাৰতীয় সেনাৰ মনোবল ভঙাৰ সলনি অধিক সৱলহে কৰিব বুলি তেওঁ কয়।

Related News