NORTHEAST NOW (Assamese)
Popular Stories

দবাত ভাৰতৰ ইতিহাস! প্রথমবাৰৰ বাবে দবা অলিম্পিয়াডত পুৰুষ আৰু মহিলা উভয় শাখাতে স্বৰ্ণ জয় ভাৰতৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী September 23, 2024 12:00 pm

ৰমেশ বাবু প্ৰজ্ঞানন্দ আৰু বৈশালীহঁতৰ দমনীয় প্ৰদৰ্শনেৰে দবাত ইতিহাস ৰচিলে ভাৰতে। প্ৰথমবাৰৰ বাবে দবা অলিম্পিয়াডৰ পৰা ভাৰতলৈ আহিছে দুয়োটা শাখাতে স্বৰ্ণ পদক। পুৰুষ আৰু মহিলা উভয় দলত ভাৰতে সোণৰ পদক লাভ কৰে। উল্লেখ্য যে দুবছৰ পূৰ্বে ভাৰতত অনুষ্ঠিত হৈছিল দবা অলিম্পিয়াড। কিন্তু সেইবাৰ ব্ৰঞ্জৰ পদক লাভ কৰিয়েই ভাৰতে সন্তুষ্ট হ’ব লগা হৈছিল।

এইবাৰ হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হয় দবা অলিম্পিয়াড। ভাৰতীয় পুৰুষৰ দলটোত আছিল ডি গুকেশ, ৰমেশবাবু প্ৰজ্ঞানন্দ, অৰ্জুন এৰিগাইছি, পেন্টালা হৰিকৃষ্ণ। আনহাতে মহিলাৰ দলটোত আছিল ৰমেশ বাবু বৈশালী, হৰিকা দ্ৰোণাৱলী, দিব্য দেশমুখ, তনয়া সচদেৱ।

পুৰুষৰ প্রতিযোগিতাৰ প্রথম আঠটা ৰাউণ্ডত ভাৰতে জয়লাভ কৰে৷ কিন্তু পৰৱৰ্তী ৰাউণ্ডত উজবেকিস্তানৰ সৈতে ড্ৰ’ হয়। দশম ৰাউণ্ডত ভাৰতে পুনৰ আমেৰিকাক পৰাস্ত কৰে। প্ৰজ্ঞানন্দৰ দলটোৱে অন্তিম ৰাউণ্ডত স্লোভেনিয়াক পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে।

অৱশ্যে পুৰুষৰ দলটোৰ আগতেই ভাৰতীয় মহিলা দবা দলটোৱে সোণৰ পদক লাভ কৰে। দশম ৰাউণ্ডত চীনক পৰাস্ত কৰে ভাৰতে। খিতাপৰ যুঁজত বৈশালীহঁতৰ প্ৰতিদ্বন্দ্বী আছিল আজাৰবাইজান। তাত ভাৰতীয় মহিলাৰ দলটোৱে বিশাল ব্যৱধানত জয়লাভ কৰে।

এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা দলে দবা অলিম্পিয়াডত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় দলটোৱে দুয়োটা শাখাতে সোণৰ পদক অৰ্জনেৰে ইতিহাস ৰচনা কৰি অলিম্পিয়াডৰ মঞ্চৰ পৰা উভতি আহিছে।