NORTHEAST NOW (Assamese)

বেডমিণ্টনত বিশ্ব শ্ৰেষ্ঠ ভাৰত! থমাছ কাপত ইণ্ডোনেছিয়াক হৰুৱাই স্বৰ্ণ জয় টীম ইণ্ডিয়াৰ

May 15, 2022 6:38 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় বেডমিণ্টনৰ ইতিহাসত আজি এটা সোণালী দিন। থমাছ কাপৰ ফাইনেলত টীম ইণ্ডিয়াই ১৪ বাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াক পৰাস্ত কৰি স্বৰ্ণ জয় কৰে। থমাছ কাপৰ ৭৩ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতে এনে বৃহৎ বিজয় সাৱ্যস্ত কৰিছে। ভাৰতৰ বাবে ই এক নতুন অধ্যায়ৰ সূচনা কৰিলে।

বেডমিণ্টনৰ বিশ্বকাপক থমাছ কাপ বুলি কোৱা হয়। প্ৰতিযোগিতাখনৰ ইতিহাসত ১৯৫২, ১৯৫৯ আৰু ১৯৭৯ চনত ছেমি ফাইনেলত উপনীত হোৱাটোৱে ইয়াৰ পূৰ্বে আগতে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সফলতা আছিল। সেই ছেমিফাইনেলত ভাৰতে কোনো পদক অৰ্জন কৰা নাছিল।

এইবাৰ কিডাম্বি শ্ৰীকান্ত আৰু লক্ষ্য সেনহঁতে প্ৰথমবাৰৰ বাবে থমাছ কাপত স্বৰ্ণ জয় কৰাৰ পথত পাঁচখন খেলৰ ভিতৰত প্ৰথম তিনিখন মেচতেই জিকি ইতিহাস ৰচনা কৰিছে।

ইণ্ডোনেছিয়াৰ এন্টনিয়ে প্ৰথমখন খেলত লক্ষ্য সেনক অনায়াসে পৰাস্ত কৰিছিল। প্ৰথমখন খেলৰ ফলাফল আছিল ৮-২১। এন্টনিয়ে একেৰাহে ১২পইণ্ট জিকি খেলৰ শীৰ্ষ বিন্দুত উপনীত হয়। কিন্তু দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটায় লক্ষ্যই। তেওঁ দ্বিতীয়খন খেল ২১-১৭ ব্যৱধানত জিকে। খেলখনৰ ফলাফল হয়গৈ ১-১।

তৃতীয়খন খেলত এণ্টনিক ২১-১৬ ব্যৱধানত পৰাস্ত কৰি লক্ষ্য সেনে প্ৰথমখন খেলত ভাৰতক অগ্ৰগতি আনি দিয়ে। প্ৰথমখন খেলৰ ফলাফল আছিল ৮-২১, ২১-১৭, ২১-১৬ (২-১)।

দ্বিতীয়খন খেলত চিৰাগ চেট্টী আৰু সাত্বিকসাইৰাজ ৰঙ্কিৰেড্ডীৰ যুটিয়ে মহম্মদ এহচান আৰু কেভিন সঞ্জয় চুকামুজোৰ মুখামুখি হয়। চিৰাগ-সাত্বিকসাইৰাজ ডাবলছৰ প্ৰথমখন খেলত পৰাজিত হয়। তেওঁলোকে ১৮-২১ত পৰাজিত হয়। ডাবলছৰ প্ৰথমখন খেলত পৰাজিত হোৱা সত্বেও ভাৰতে দ্বিতীয়খন খেলত ২৩-২১ ব্যৱধানত জয়লাভ কৰে। এই বিজয় ২৭তম মিনিটত আহে। সাত্বিকসাইৰাজ-চিৰাগে সমতা অৰ্জন কৰে।

ভাৰত অবিশ্বাস্য ব্যৱধানত জয়ী হয়। ভাৰতে ২-০ ৰ অগ্ৰগতি লাভ কৰে। খেলখনৰ ফলাফল আছিল ২১-১৮, ২৩-২১ আৰু ২১-১৯ (২-১)। লক্ষ্য সেনৰ পিছত সাত্বিকসাইৰাজ-চিৰাগে ভাৰতক অগ্ৰগতি দিয়ে।

তৃতীয়খন খেলত কিডাম্বি শ্ৰীকান্তে প্ৰথমখন খেলত ২১-১৫ত বিজয়ী হয়। অৱশ্যে, শ্ৰীকান্ত তৃতীয়খন খেলৰ দ্বিতীয়খন মেচত পৰাজিত হয়। জনাথনৰ হাতত পৰাজিত হোৱা সত্বেও, ভাৰত বেডমিণ্টনত বিশ্বৰ শ্ৰেষ্ঠ হৈ পৰে! টীম ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে থমাছ কাপ জিকি ইতিহাস সৃষ্টি কৰিলে। 

Related News