NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ; বেংক নোটত ছপোৱা ভুল মানচিত্ৰ শুধৰোৱাৰ বাবে চৌদি আৰৱক নিৰ্দেশ ভাৰতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 30, 2020 12:55 pm

বেংক নোটত ভাৰতৰ আভ্যন্তৰীণ ভৌগলিক সীমাক ভুলকৈ দেখুওৱা সন্দৰ্ভত ভাৰতে চৌদি আৰৱৰ ওচৰত গভীৰ উদ্বেগ ব্যক্ত কৰে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা এই সন্দৰ্ভত চৌদি আৰৱৰ ওচৰত গভীৰ উদ্বেগ ব্যক্ত কৰা হয় বুলি সদৰী কৰে।

ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে চৌদি আৰৱক এই ক্ষেত্ৰত শীঘ্ৰে শুধৰণিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

‘‘জম্মু আৰু কাশ্মীৰৰ লগতে লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ অভিন্ন অংশ,’’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে লগতে কয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি এইদৰে কয়।

উল্লেখযোগ্য যে, বিগত ২৪ অক্টোবৰত চৌদি আৰবীয় মনিটাৰী অথৰিটিয়ে নতুনকৈ এখন বেংক নোট মুকলি কৰিছিল য’ত কাশ্মীৰক ভাৰত আৰু পাকিস্তানৰ মাজত এখন সুকীয়া স্থান হিচাপে দেখুওৱা হৈছিল।