NORTHEAST NOW (Assamese)

ইতিহাস ৰচি বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপৰ খিতাপ দখল ভাৰতৰ মহিলা বেডমিণ্টন দলৰ

February 18, 2024 9:25 pm · এন ই নাও নিউজ, গুৱাহাটী

মালয়েছিয়াত আজি এক ন-ইতিহাস ৰচিছে ভাৰতৰ মহিলা বেডমিণ্টন দলে দেওবাৰে। থাইলেণ্ডক ৩-২ ব্যৱধানত পৰাস্ত কৰি ভাৰতে প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপত।

অভিজ্ঞ পি ভি সিন্ধু, গায়ত্ৰী গোপিচান্দ-ত্ৰিছা জলী আৰু নৱ চাঞ্চল্য আনমোল খাৰবে নিজ নিজ মেচত জয়লাভ কৰি ভাৰতক তুলি দিয়ে প্ৰতিযোগিতাখনিৰ শ্ৰেষ্ঠত্বৰ খিতাপ।

ফাইনেলেৰ প্ৰথমখন মেচত পিভি সিন্ধুৱে মাত্ৰ ৩৯ মিনিটৰ যুঁজত সুপানীন্দ কাটেথঙক ২১-১২, ২১-১২ ব্যৱধানত পৰাস্ত কৰি ভাৰতক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে।

ইয়াৰ পিছতে দ্বিতীয়খন মেচত গায়ত্ৰী গোপিচান্দ আৰু জলী ট্ৰিছাই যুটীয়ে জংকলফাম কিতিথাৰকুল আৰু ৰাৱৱিন্দা প্ৰজংজালে যুটীক ২১-১৬, ১৮-২১, ২১-১৬ ব্যৱধানত পৰাস্ত কৰে।

অৱশ্যে তৃতীয়খন মেচত অশ্বমিতা চলিহা বুছানান অংবামৰুংফানৰ হাতত ১১-২১, ১৪-২১ ব্যৱধানত পৰাস্ত হয় আৰু ব্যৱধান ১-২ লৈ হ্ৰাস কৰে থাইলেণ্ডে।

দ্বিতীয়খন ডাবলছ মেচতো ভাৰতীয় যুটী প্ৰিয়া কনজেংবাম আৰু শ্ৰুতি মিশ্ৰক পৰাস্ত কৰি বেনয়াপা আইমছাৰ্ড আৰু নুন্তকৰ্ণ আইমছাৰ্ডে সমতা স্থাপন কৰে।

এনে এক ৰোমাঞ্চকৰ পৰিস্থিতিত নিৰ্ণায়ক মেচখনত আনমোল খাৰবে বিশ্বৰ ৪৫ নং স্থানৰ পৰ্ণিচা চোইকেৱংকক ২১-১৪, ২১-৯ ব্যৱধানত পৰাস্ত কৰি ভাৰতলৈ আকাংক্ষিত জয় কঢ়িয়াই আনে।

 

Related News