NORTHEAST NOW (Assamese)

ভাৰতৰ ৰক্ষা কবচ ‘সুদৰ্শন চক্ৰ’! মাজ আকাশতে ধ্বংস কৰিলে একাধিক পাকিস্তানী ড্ৰোণ-ক্ষেপণাস্ত্ৰ

May 8, 2025 4:32 pm · এন ই নাও নিউজ, গুৱাহাটী

পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ হয়। ইয়াৰ পিছতে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত পাকিস্তানে যোৱা নিশা আৰু আজি পুৱাৰ ভাগত ভাৰতৰ মাটিত ড্ৰোন আৰু মিছাইল আক্ৰমণৰ চেষ্টা চলাইছিল।

কিন্তু নিমিষতে সকলো শেষ। ভাৰতীয় বায়ুসেনাৰ এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেমে আকাশৰ মাজভাগতে সকলো ক্ষেপণাস্ত্ৰ ধ্বংস কৰে। ৰাছিয়াত নিৰ্মিত এই অত্যাধুনিক নিৰাপত্তা ব্যৱস্থাৰ আনুষ্ঠানিক নাম ‘সুদৰ্শন চক্ৰ’।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি পাকিস্তানে উত্তৰ আৰু পশ্চিম ভাৰতৰ একাধিক সামৰিক ঘাটিক লক্ষ্য কৰি ড্ৰোন আৰু মিছাইল আক্ৰমণ চলাইছিল। ইয়াৰ ভিতৰত আছিল অৱন্তীপোৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, লুধিয়ানা আৰু ভূজ। প্ৰতিটো আক্ৰমণ ধৰা পেলাইছিল এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেমে। সেই সকলো ড্ৰোণ-ক্ষেপনাস্ত্ৰ সফলতাৰে ধ্বংস কৰা হৈছে।

ইয়াৰ প্ৰত্যুত্তৰত বৃহস্পতিবাৰে পুৱা ভাৰতীয় সেনাই পাকিস্তানৰ এয়াৰ ডিফেন্স ৰাডাৰ আৰু চিষ্টেমত আক্ৰমণ কৰে। সূত্ৰই জনোৱা মতে, লাহোৰৰ সমীপত এয়াৰ ডিফেন্স চিষ্টেম উৰুৱাই দিয়া হৈছে।

ভাৰতৰ লগত ফেপেৰি পাতি ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে পাকিস্তান। বৃহস্পতিবাৰে পাকিস্তানৰ এয়াৰ ডিফেন্স ছিষ্টেম ধ্বংস হৈছে ড্ৰ’ন আক্ৰমণত। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, বৃহস্পতিবাৰে পাকিস্তানে ১৫খন চহৰত ড্ৰ’ন আক্ৰমণৰ চেষ্টা চলাইছিল।  প্ৰত্যাক্ৰমণত ভাৰতীয় বায়ু সেনাই লাহোৰস্থিত পাকিস্তানৰ এয়াৰ ডিফেন্স ছিষ্টেম ধ্বংস কৰে।

সূত্ৰসমূহৰ মতে, চীনে নিৰ্মাণ কৰা এইচ কিউ-9 মিছাইল ডিফেন্স ছিষ্টেম ইউনিটসমূহ বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। যাৰ ফলত লাহোৰ, ছিয়ালকোট আৰু আৰু এখন চহৰত পাকিস্তানী সেনাৰ প্ৰতিৰক্ষা শক্তি তচনচ হৈ পৰিছে।

ইফালে, বৃহস্পতিবাৰে পাকিস্তানৰ লাহোৰত একেৰাহে তিনিটা ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনা যায়। লাহোৰৰ অন্যতম উন্নত আৰু স্পৰ্শকাতৰ জিলা গুলবাৰ্গৰ আশে-পাশে সংঘটিত হয় এই বিস্ফোৰণ।

ভাৰতৰ অপাৰেচন সিন্দুৰে কেৱল পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিতে নহয়, সমগ্ৰ অঞ্চলটোত স্থাপন কৰা চীনত নিৰ্মিত এয়াৰ ডিফেন্স ছিষ্টেমত ভয়াৱহ আঘাত হানিছে।

ভাৰতীয় বায়ুসেনাই চিনাক্ত কৰা ৯টা সন্ত্ৰাসবাদী স্থানত আক্ৰমণ কৰিবলৈ ৰাফেল যুদ্ধ বিমানৰ পৰা নিক্ষেপ কৰা ফ্ৰান্সৰ মূল SCALP ক্ৰুজ মিছাইল ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে।

উত্তেজনাময় পৰিস্থিতিত সীমান্তৱৰ্তী ৰাজ্যসমূহত সতৰ্কতা জাৰি কৰা হৈছে। বিশেষকৈ ৰাজস্থান আৰু পঞ্জাৱত হাই এলাৰ্ট জাৰি কৰা হৈছে। বাতিল কৰা হৈছে পঞ্জাৱ আৰক্ষী জোৱানৰ ছুটী। ৰাজ্য চৰকাৰে ছয়খন সীমান্ত জিলাত বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

সূত্ৰ অনুসৰি ৰাজস্থান চৰকাৰেও সীমান্ত অঞ্চলত নিয়োজিত সকলো প্ৰশাসনিক বিষয়া আৰু আৰক্ষী জোৱানৰ ছুটীও বাতিল কৰিছে।

Related News