NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় বেগী বলাৰৰ তাণ্ডৱত বাংলাদেশৰ ছত্ৰভংগ; মাত্ৰ ১৫০ ৰাণত প্ৰথম ইনিংছৰ অন্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2019 9:55 pm
Shami bowling

ভাৰত আৰু বাংলাদেশৰ মাজত ইন্দোৰত অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন টেষ্টত দৰ্শনীয় আৰম্ভণি কৰিছে ঘৰুৱা দল ভাৰতে।

টছত জয়ী হৈ বাংলাদেশৰ অধিনায়ক মমিনুল হকে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও ইন্দোৰৰ সেইজীয়া উইকেটত ভাৰতীয় পেচ ত্ৰিমুৰ্তিৰ তীক্ষ্ণ বলিঙৰ সন্মুখত বিপদত পৰে আলহী দলটো।

ইশান্ত শৰ্মা, মহম্মদ ছামী আৰু উমেশ যাদৱৰে গঠিত ভাৰতীয় পেচ আক্ৰমণে বাংলাদেশক মাত্ৰ ১৫০ ৰাণত প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য কৰায়।

বাংলাদেশৰ হৈ মুছফিকুৰ ৰহিমে সৰ্বাধিক ৪৩ ৰাণ সংগ্ৰহ কৰে।

আনহাতে, ভাৰতৰ হৈ বলিঙত মহম্মদ ছামীয়ে তিনিটা, ইশান্ত শৰ্মা, উমেশ যাদৱ আৰু স্পীনাৰ ৰবিচন্দ্ৰন আশ্বিনে দুটাকৈ উইকেট দখল কৰে।

বাংলাদেশৰ প্ৰথম ইনিংছৰ প্ৰত্যুত্তৰত ভাৰতে নিজৰ ইনিংছ আৰম্ভ কৰি প্ৰথম দিনৰ অন্তত ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই ৮৬ ৰাণ সংগ্ৰহ কৰে।

দিনান্তত মায়াংক আগৰৱাল আৰু চেতেশ্বৰ পুজাৰাই ক্ৰমে ৩৭ আৰু ৪৩ ৰাণত অপৰাজিত হৈ থাকে।