NORTHEAST NOW (Assamese)
Popular Stories

পৰিৱেশ ৰক্ষাত ব্যৰ্থ ভাৰত! বৈশ্বিক সূচকাংকত তলৰ পৰা দ্বিতীয় স্থানত দেশ, দক্ষিণ এছিয়াৰ ভিতৰত সৰ্বনিম্ন

Posted by: এন ই নাও নিউজ. গুৱাহাটী Updated by: এন ই নাও নিউজ. গুৱাহাটী July 13, 2026 4:07 pm
পৰিৱেশ ৰক্ষাত ব্যৰ্থ ভাৰত! বৈশ্বিক সূচকাংকত তলৰ পৰা দ্বিতীয় স্থানত দেশ, দক্ষিণ এছিয়াৰ ভিতৰত সৰ্বনিম্ন

শেহতীয়াকৈ প্ৰকাশিত ২০২৬ বৰ্ষৰ পৰিৱেশ প্ৰদৰ্শন সূচকাংকত ভাৰতে এক হতাশজনক প্ৰদৰ্শন দাঙি ধৰিছে। য়েল আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰস্তুত কৰা এই গোলকীয় মূল্যায়নত ১৭৭ খন দেশৰ ভিতৰত ভাৰতে ১৭৬ সংখ্যক স্থান লাভ কৰিছে। পৰিৱেশৰ স্বাস্থ্য, পৰিস্থিতিতন্ত্ৰৰ সজীৱতা আৰু জলবায়ু পৰিৱৰ্তন প্ৰশমনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এই সূচকাংকত ভাৰতে ১০০ ৰ ভিতৰত মাত্ৰ ২২.৪৬ নম্বৰ লাভ কৰি তলৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰিছে। আনহাতে, দক্ষিণ এছিয়াৰ আঠখন দেশৰ ভিতৰতো ভাৰতৰ স্থান একেবাৰে তলত অৰ্থাৎ ভূটান, শ্ৰীলংকা, নেপাল, আফগানিস্তান, পাকিস্তান, মালদ্বীপ আৰু বাংলাদেশৰো পাছত বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে।

প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰকাশ পোৱা এই সূচকাংকত এইবাৰ ১২ টা শ্ৰেণীৰ ৪৭ টা সূচকৰ ভিত্তিত দেশসমূহৰ মূল্যায়ন কৰা হৈছে। সূচকাংকৰ তিনিটা মূল নীতিগত উদ্দেশ্যৰ ভিতৰত পৰিৱেশৰ স্বাস্থ্যত ভাৰতে ১৭৪, পৰিস্থিতিতন্ত্ৰৰ সজীৱতাত ১৭১ আৰু জলবায়ু পৰিৱৰ্তন প্ৰশমনত ১৩০ সংখ্যক স্থান লাভ কৰিছে। এই তালিকাত ৭৪.৭৯ নম্বৰেৰে এষ্টনিয়াই শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে ২১.৭৮ নম্বৰেৰে লাওছে একেবাৰে অন্তিমটো স্থান অৰ্থাৎ ১৭৭ সংখ্যক স্থান পাইছে। একেদৰে ইউৰোপৰ অন্যান্য দেশ ক্ৰমে লাক্সেমবাৰ্গ, যুক্তৰাজ্য, ফিনলেণ্ড আৰু নেদাৰলেণ্ডছে তালিকাৰ শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে।

প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, দ্ৰুতগতিত বৃদ্ধি পোৱা বিকাশ আৰু প্ৰদূষণৰ মাজৰ সংঘাতখনেই ভাৰতৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। দেশখনৰ কোটি কোটি মানুহে আধুনিক শক্তি সেৱা লাভ কৰিছে যদিও ইয়াৰ মূল্য হিচাপে চহৰ অঞ্চলৰ বায়ু প্ৰদূষণ আৰু গ্ৰীণহাউচ গেছৰ নিৰ্গমন ভয়াবহভাৱে বৃদ্ধি পাইছে। গৱেষকসকলৰ মতে, ভাৰতৰ এই দুৰ্বল প্ৰদৰ্শনে মূলতঃ ভয়ংকৰ বায়ু প্ৰদূষণ, কয়লাভিত্তিক শক্তিৰ ওপৰত নিৰন্তৰ নিৰ্ভৰশীলতা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ অভাৱকে প্ৰতিফলিত কৰে। বিগত দহ বছৰত সূক্ষ্ম কণিকা, কাৰ্বন মনক্সাইড আৰু ছালফাৰ ডাই অক্সাইডৰ সংস্পৰ্শৰ ফলত মৃত্যু আৰু ৰোগৰ হাৰ বৃদ্ধি পোৱাৰ দিশটোৱেও সূচকাংকত নেতিবাচক প্ৰভাৱ পেলাইছে। ইয়াৰ উপৰিও সাগৰীয় সংৰক্ষিত এলেকা আৰু সামুদ্ৰিক খাদ্য শৃংখলাৰ ক্ষেত্ৰতো ভাৰতৰ প্ৰদৰ্শন নিৰাশাজনক বুলি প্ৰকাশ পাইছে।

উল্লেখ্য যে সামগ্ৰিকভাৱে স্থান তলত থাকিলেও বিগত দহ বছৰৰ পৰিৱৰ্তনৰ মাপকাঠিত ভাৰতে কিছু যোগাত্মক ধাৰা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত ভাৰতৰ স্কৰ হৈছে যোগাত্মক ৭.৪৭ যি ৰোমানিয়া আৰু ডমিনিকান ৰিপাব্লিকৰ দৰে দেশতকৈ উন্নত। পৰিৱেশ প্ৰদৰ্শন সূচকাংকৰ গৱেষণা সঞ্চালক জেকাৰী ৱেণ্ডলিঙৰ মতে, বৰ্তমানৰ পদ্ধতি ঐতিহাসিক তথ্যৰ ওপৰত প্ৰয়োগ কৰিলে দেখা যায় যে সময়ৰ লগে লগে ভাৰতৰ প্ৰদৰ্শন উন্নত হৈছে। যদিও কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য গ্ৰীণহাউচ গেছৰ নিৰ্গমন আজিও উচ্চ পৰ্যায়ত আছে, তথাপিও ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰাছ অক্সাইডৰ দৰে প্ৰদূষক বৃদ্ধিৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে বুলি তেওঁ মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ২০২২ চনৰ পৰিৱেশ প্ৰদৰ্শন সূচকাংকত ভাৰতে ১৮০ খন দেশৰ ভিতৰত একেবাৰে অন্তিম স্থান লাভ কৰাৰ সময়ত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে এই প্ৰতিবেদনখন পোনচাতেই নাকচ কৰিছিল। মন্ত্ৰালয়ে সূচকাংকৰ পদ্ধতি অবৈজ্ঞানিক বুলি অভিযোগ কৰাৰ লগতে ভাৰতৰ ঐতিহাসিকভাৱে কম জনমূৰি নিৰ্গমনৰ তথ্য ইয়াত অন্তৰ্ভুক্ত হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰিছিল। ইয়াৰ উত্তৰত সূচকাংকৰ মুখ্য বিজ্ঞানীগৰাকীয়ে স্পষ্ট কৰি দিছিল যে এই মূল্যায়ন ঐতিহাসিক নিৰ্গমন বা চৰকাৰী নীতিৰ উদ্দেশ্যৰ সলনি পৰিৱেশৰ বৰ্তমানৰ প্ৰকৃত অৱস্থাৰ ওপৰত ভিত্তি কৰিহে কৰা হয়। চলিত বৰ্ষৰ এই নিৰাশাজনক ফলাফলে পুনৰবাৰ দেশৰ পৰিৱেশ সুৰক্ষা আৰু চৰকাৰী নীতিসমূহৰ কাৰ্যকৰীকৰণক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে আৰু এই সন্দৰ্ভত ভাৰত চৰকাৰে পৰৱৰ্তী সময়ত কেনে আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেয়া লক্ষণীয় হব।