NORTHEAST NOW (Assamese)

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

January 28, 2021 12:58 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতে বৃটেইনৰ পৰা দেশলৈ অহা যোৱা বিমানৰ ওপৰত নিষেধাজ্ঞা ১৪ ফেব্ৰুৱাৰিলৈকে বৃদ্ধি কৰিছে।

বৃটেইনত ক’ভিড-১৯ৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ প্ৰতি দৃষ্টি ৰাখি এই নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছে।

বিশেষকৈ, ক’ভিড-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা বৃটেইন গুৰুতৰভাৱে প্ৰভাৱিত হৈছে যি ৭০ শতাংশ দ্ৰুততাৰে বিয়পে বুলি বিশ্বাস কৰা হয়।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ে ব্ৰিটিছ এয়াৰৱেজ আৰু ভাৰ্জিন আটলান্টিক এয়াৰলাইনছক পত্ৰ লিখি কয় যে ভাৰত আৰু য়ুকেৰ মাজত বিমানৰ ওপৰত নিষেধাজ্ঞা ১৪ ফেব্ৰুৱাৰিলৈকে বৃদ্ধি কৰা হৈছে।

নিষেধাজ্ঞা অনুসৰি, প্ৰতি সপ্তাহত ভাৰতত মুঠ ৩০খন বিমানৰ অনুমতি দিয়া হৈছে।

মুঠ ৩০ খন বিমানৰ ভিতৰত ১৫ খন ভাৰতীয় বাহকৰ দ্বাৰা আৰু ১৫ খন ব্ৰিটিছ বাহকৰ দ্বাৰা পৰিচালনা কৰা হ’ব।

ইফালে, ক’ৰ’নাৰ নতুন ষ্ট্ৰেইনৰ প্ৰতি লক্ষ্য ৰাখি য়ুকেত চলি থকা লকডাউন মাৰ্চলৈকে বাহাল ৰাখিব পাৰে।

ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনে এই বিষয়ে জনায়।

ক’ৰ’নাৰ নতুন ষ্ট্ৰেইনে সংহাৰ অব্যাহত ৰখাৰ লগতে মৃত্যুৰ সংখ্যা ১ লাখ অতিক্ৰম কৰাত ব্ৰিটিছ প্ৰধান মন্ত্ৰীয়ে এই ঘোষণা কৰে।

Related News