NORTHEAST NOW (Assamese)
অসম

প্ৰযুক্তিৰ মহাজাল ৰঙা চীনৰ: মহাকাশত ৰাছিয়াতকৈও বেছি আছে চীনৰ কৃত্ৰিম উপগ্ৰহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 18, 2020 6:32 pm
sat

তথ্য-প্ৰযুক্তিৰ যুগত কৃত্ৰিম উপগ্ৰহই বিশ্বৰ মানৱ জাতিক উন্নত যোগাযোগ ব্যৱস্থাৰ লগতে তথ্যৰ দ্ৰুত সৰবৰাহত সহায় কৰিছে।

কৃত্ৰিম উপগ্ৰহৰ জৰিয়তেই বিশ্বৰ বহু দেশে আন দেশৰ বিৰুদ্ধে অব্যাহত ৰাখিছে চোৰাংচোৱাগিৰিও।

মহাকাশত এতিয়ালৈকে থকা ভাৰতৰ কৃত্ৰিম উপগ্ৰহৰ সংখ্যা হৈছে ৪৯ টা।

আজি ভৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ ইউ আৰ ৰাও ছেটেলাইট চেণ্টাৰৰ সঞ্চালক ডঃ কুনহিকৃষ্ণণে এই কথা প্ৰকাশ কৰে।

তেওঁ কয় যে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ কেইটা পৃথিৱীৰ কক্ষপথৰ বাহিৰত সুন্দৰ ভাবে উৰি আছে।

ক’ৰ’ণাতংকৰ বাবেই ভাৰতে আৰু ৪ টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপনৰ বাবে সাজু হৈ উছাৰ পিছতো উৎক্ষেপন কৰিব পৰা নাই বুলি বিজ্ঞানী গৰাকীয়ে জানিবলৈ দিয়ে।

ভাৰতে এতিয়ালৈকে ইছৰ’ৰ উদ্যোগত বিশ্বৰ বিভিন্ন দেশৰ তিনি শতাধিক কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ উৎক্ষেপন  কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়।

উল্লেখ্য মহাকাশ বৰ্তমান সৰ্বাধিক কৃত্ৰিম উপগ্ৰহ থকা দেশ খন হৈছে আমেৰিকা।

আমেৰিকাই চৰকাৰী তথা বেচৰকাৰী উদ্যোগত এতিয়ালৈকে মহাকাশলৈ উৎক্ষেপন কৰা কৃত্ৰিম উপগ্ৰহৰ সংখ্যা হৈছে ১৩০০ টা।

আনহাতে ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ চীনৰ মহাকাশত থকা ছেটেলাইটৰ সংখ্যা হৈছে ৩৬৩ টা।

লক্ষ্যণীয় কথাটো হ’ল ৰাছিয়াতকৈও অধিক কৃত্ৰিম উপগ্ৰহ আছে চীনৰ।

ৰাছিয়াৰ মহাকাশত থকা কৃত্ৰিম উপগ্ৰহ সংখ্যা হৈছে ১৬৯ টা।

বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় ২৬০০ টা কৃত্ৰিম উপগ্ৰহই পৃথিৱীৰ কক্ষপথত সুকলমে উৰি থাকি বিভিন্ন কাৰ্য সম্পাদন কৰি আছে।