NORTHEAST NOW (Assamese)
Popular Stories

এফালে চীনৰ সৈতে যুদ্ধৰ দামামা আনফালে বেংইজিংস্থিত বেংকৰ পৰা ৯ হাজাৰ কোটি টকাৰ ঋণ ভাৰতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 17, 2020 11:16 am
images

সীমান্তত চীনৰ সৈতে যুদ্ধৰ দামামা। লাডাখ সীমান্তত যোৱা ১৫ জুনত দুই দেশৰ সৈন্যৰ মাজত সংঘটিত হৈ গৈছে ৰক্তক্ষয়ী সংঘৰ্ষ। সেই সংঘৰ্ষত ভাৰতৰ ২০জকৈ সেনাৰ মৃত্যু হৈছিল।

ইয়াৰ পিছতো দুই দেশৰ সীমান্তত যুদ্ধসদৃশ পৰিস্থিতিয়ে শাম কটা নাই। বৰং লাডাখৰ পৰা অৰুণাচল প্ৰদেশৰ সীমান্তলৈকে দুই দেশৰ সীমান্তত যুদ্ধসদৃশ উত্তেজনাই বিৰাজ কৰি আহিছে। চীনে আগ্ৰাসন চলাই আহিছে বুলি ভাৰতীয় সেনাই দাবী কৰি আহিছে।

ইয়াৰ জেৰ লৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ভাৰতত ১০০ টাৰো অধিক চীনা মোবাইল এপ্লিক্যশন ভাৰতত নিষিদ্ধ কৰিছে।

পিছে ইয়াৰ পিছতো চীনৰ সৈতে ভাৰতে অৰ্থনৈতিক আৰু কূটনৈতিক সম্পৰ্ক ছেদ কৰা নাই।

বৰং দুই দেশৰ মাজত যুদ্ধসদৃশ পৰিৱেশ অব্যাহত থকাৰ পৰতে কেন্দ্ৰ চৰকাৰে চীনা বেংকৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈছে। কালি সংসদত এই কথা স্বীকাৰ কৰিছে কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে।

মন্ত্ৰী ঠাকুৰে সংসদত কয় যে চীনত অৱস্থিত এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট বেংক(AIIB)ৰ পৰা ভাৰত চৰকাৰে প্ৰায় ৯ হাজাৰ কোটি টকাৰ ধন ঋণ লৈছে।

দুই বিজেপি সাংসদৰ প্ৰশ্ন উত্তৰত মন্ত্ৰী ঠাকুৰে কয়, “ভাৰত চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চীনত অৱস্থিত AIIBৰ সৈতে ঋণ বিচাৰি দুখন চুক্তিত স্বাক্ষৰ কৰিছে। বিগত ৮ মে’ত ৩ হাজাৰ ৬৭৬ কোটি টকাৰ ঋণৰ বাবে প্ৰথমখন চুক্তিত স্বাক্ষৰ কৰা হৈছিল। সেই পুঁজি ক’ৰ’ণা মোকাবিলা আৰু চিকিৎসাত ব্যয় কৰা হৈছে।”

আনহাতে ৫ হাজাৰ ৫১৫ কোটি টকাৰ দ্বিতীয়খন চুক্তি ১৯ জুনত কৰা হয় বুলি জনায় মন্ত্ৰী ঠাকুৰে। স্মৰ্তব্য যে ১৫ জুনত চীনা সৈন্যই আক্ৰমণ কৰি গালৱান উপত্যকাত ভাৰতৰ ২০ গৰাকী সৈন্যক হত্যা কৰিছিল।

কেন্দ্ৰই এই বৃহৎ পৰিমাণৰ ধন বেংইজিঙত অৱস্থিত AIIBৰ পৰা ঋণ লোৱাৰ বাবেই চীনৰ প্ৰতি কেন্দ্ৰ চৰকাৰে অতি নৰম মনোভাৱ পোষণ কৰি আহিছে বুলি বিৰোধীয়ে আক্ৰমণ কৰিছে।

ইয়াৰ প্ৰত্যুত্তৰত চৰকাৰে কৈছে যে AIIB হৈছে মূলতঃ এটা আন্তৰ্জাতিক বিত্তীয় সংস্থা। এই বেংকটোৱে এছিয়া পেচিফিক অঞ্চলৰ বিভিন্ন দেশৰ আন্তগাঁথনিৰ বাবে কাম কৰে। ভাৰতো এই সংস্থাৰ এক সদস্য ৰাষ্ট্ৰ, সেয়ে ইয়াৰ পৰা ঋণ লোৱাত আপত্তি কৰাৰ কোনো স্থল নাই।

কিন্তু চৰকাৰে এই মন্তব্য কৰিলেও AIIBক নিয়ন্ত্ৰণ কৰে চীনে। এই বেংকটোৰ মালিকীস্বস্ত চীন নহ’লেও বেংজিঙস্থিত বেংকটোক চীনে নিয়্ন্ত্ৰণ কৰাই নহয় ইয়াৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ চীন চৰকাৰেই গ্ৰহণ কৰে।