NORTHEAST NOW (Assamese)
জীৱনশৈলী

ভাৰততে আছে এছিয়াৰ আটাইতকৈ ধনী গাঁওখন : গাঁওবাসীৰ একাউণ্টত কিমান টকা আছে জানানে?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 6, 2024 5:10 pm

ভাৰততে আছে এছিয়া মহাদেশৰ আটাইতকৈ ধনী গাঁওখন। এই গাঁওখনৰ গাঁওবাসীৰ বেংক একাউণ্টত থকা টকাৰ পৰিমাণ শুনিলে চকু কপালত উঠিব আপোনাৰো।

বেপাৰ-বাণিজ্য আৰু ধনকুবেৰৰ বাবে বিখ্যাত গুজৰাট। গুজৰাটতেই মূল ঘৰ দেশৰ দুই ধনী ব্যক্তি মুকেশ আম্বানী আৰু গৌতম আদানীৰ।

এই গুজৰাটতেই আছে এছিয়াৰ আটাইতকৈ ধনী গাঁওখন। এই গাঁওখনৰ গাঁওবাসীৰ সকলো একাউণ্ট মিলাই মুঠ ধন আছে ৭ হাজাৰ কোটি টকা।

গাঁওখনৰ নাম মাধাপুৰ। গুজৰাটৰ তালুক কুচৰ অন্তৰ্গত এই গাঁওখন।

শেহতীয়া হিচাপ অনুসৰি সেই গাঁৱৰ জনসংখ্যা প্ৰায় ৩২ হাজাৰ। দেশৰ ১৭টা বেংকে মাধাপুৰ গাঁৱত নিজৰ শাখা খুলিছে। আনকি ষ্টেট বেংক, পাঞ্জাৱ নেশ্যনেল বেংক আৰু ইউনিয়ন বেংকৰ দৰে ডাঙৰ বেংক সমূহেও গাঁওখনত নিজৰ শাখা খুলিছে। যিবোৰ বেংকৰ এতিয়াও শাখা নাই, সেইবোৰে এতিয়া সেই গাঁৱখনত শাখা খুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

চৰকাৰী তথ্য অনুসৰি এই সমৃদ্ধিৰ কাৰণ হৈছে বহিঃৰাজ্যৰ পৰা অহা ধন। মাধাপুৰত প্ৰায় ২০ হাজাৰ ঘৰ। ইয়াৰে প্ৰায় ১২০০ পৰিয়াল বহিঃৰাজ্যত বাস কৰে। এই পৰিয়ালৰ সদস্যসকলেই প্ৰতি বছৰে বহিঃৰাজ্যৰ পৰা কোটি কোটি টকা স্থানীয় বেংক আৰু ডাকঘৰলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে মধ্য আফ্ৰিকাৰ নিৰ্মাণ উদ্যোগত গুজৰাটী মানুহৰ আধিপত্য আছে, গতিকে এই গাঁওবোৰৰ অধিকাংশ বাসিন্দাই আফ্ৰিকান দেশত বাস কৰে।

বহুতে ব্ৰিটেইন, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, আনকি আমেৰিকাতো বাস কৰে। কিন্তু এই গাঁওখন কোনেও পাহৰিব নোৱাৰে। সেইবাবেই সকলোৱে নিজৰ সঞ্চয় এই গাঁৱৰ বেংক বা ডাকঘৰত জমা কৰে।