NORTHEAST NOW (Assamese)

আৰু কাম নাই! খেল চলি থকাৰ সময়তে গভীৰ নিদ্ৰাত প্ৰশিক্ষক ৰবি শাস্ত্ৰী

October 22, 2019 11:29 am · এন ই নাও নিউজ
Updated: October 22, 2019 11:34 am
সংগৃহীত

উমেশ যাদৱ আৰু মহম্মদ ছামিৰ দুৰ্দান্ত গতি আৰু ছুইংয়ে দক্ষিণ আফ্ৰিকাৰ ড্ৰেছিং ৰূমত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ভাৰতৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ড্ৰেছিং ৰূমতে শুই থকা এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

ভাইৰেল হোৱা ফটোখন ৰাঁচী টেষ্টৰ তৃতীয় দিনাৰ। খেল চলি থকাৰ সময়ত টেলিভিশ্যন কেমেৰাই ভাৰতীয় দলৰ ড্ৰেছিং ৰূমৰ পৰিৱেশ দেখুৱাইছিল। আৰু সেই সময়ত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে এখন চকীত বহি শুই থকা দেখিবলৈ পোৱা যায়।

শাস্ত্ৰীৰ পিছফালে উদীয়মান ক্ৰিকেটাৰ শুভমন গীলক বহি থকা দেখিবলৈ পোৱা যায়।

ৰবি শাস্ত্ৰীৰ এই ফটোখন ভাইৰেল হৈ পৰাৰ লগে লগে বিভিন্ন লোকে তেওঁক উদ্দেশ্যি ছ’চিয়েল মিডিয়াত হাস্যকৰ মন্তব্য দিয়া আৰম্ভ কৰি দিছে।

একাংশ ক্ৰিকেট অনুৰাগীয়ে ‘কোহলীৰ হেডছাৰ’ নিশ্চিন্ত মনে শুই থকা বুলি মন্তব্য কৰাৰ লগতে একাংশই আকৌ শুৱাৰ বাবে এবছৰত ১০ কোটি টকা পাই আছে বুলিও মন্তব্য কৰে।

উল্লেখ্য যে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা তৃতীয়খন টেষ্ট মেচ ইনিংছ ব্যৱধানত জয়ী হয়। শৃংখলাটো ৩-০ ব্যৱধানত জয়ী হৈ বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলে আন এক ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।

Related News