NORTHEAST NOW (Assamese)
দেশ

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 26, 2023 6:59 pm
India invites Pak foreign minister

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে তিক্ততাপূৰ্ণ সম্পৰ্কৰ মাজতে এক দীৰ্ঘকালীন সময়ৰ ব্যৱধানৰ পাছত দেশখনৰ বৈদেশিক মন্ত্ৰীক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছে ভাৰতে। আগন্তুক মে’ মাহত গোৱাত অনুষ্ঠিত হ’ব ছাংহাই কো-অপাৰেচন অৰ্গেনাইজেশ্বন, চমুকৈ SCO ৰ সদস্য দেশসমূৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন সন্মিলন।

এই সন্মিলনত অংশগ্ৰহণৰ বাবে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টো জৰ্দাৰীক আমন্ত্ৰণ জনাইছে ভাৰতে। উল্লেখ্য যে সূদীৰ্ঘ ১২ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ বিদেশ মন্ত্ৰীক ভাৰতলৈ আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ পূৰ্বে ২০১২ চনত তেতিয়াৰ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী হিনা ৰাব্বানী খাৰ শেষবাৰৰ বাবে ভাৰতলৈ আহিছিল।

ইয়াৰ পিছৰে পৰা দুয়োখন দেশৰ সম্পৰ্কত যথেষ্ট পৰিৱৰ্তন ঘটিছে। লক্ষণীয়ভাৱে কিছুদিন পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। শ্বৰীফৰ মতে ভাৰতৰ সৈতে যুদ্ধ নকৰি শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিব লাগে। এতিয়া পাক বৈদেশিক মন্ত্ৰীক নিমন্ত্ৰণ কৰাৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

উল্লেখ্য যে, ভাৰতে ৯ মাহৰ বাবে ছাংহাই কো-অপাৰেচন অৰ্গেনাইজেশ্বনৰ অধ্যক্ষতা কৰিব। সেয়ে দেশত কেইবাখনো গুৰুত্বপূৰ্ণ সন্মিলনৰ আয়োজন কৰা হ’ব। অহা ৪ আৰু ৫ মে’ত গোৱাত অনুষ্ঠিত হ’ব বৈদেশিক মন্ত্ৰী সন্মিলন। এই বৈঠকত উপস্থিত থাকিবলৈ বিলোৱাল ভুট্টো জৰ্দাৰীক নিমন্ত্ৰণ জনোৱা হৈছে।

ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ইছলামবাদত থকা ভাৰতীয় দূতাবাসৰ জৰিয়তে বিলোৱাল ভুট্টো জৰ্দাৰীক আমন্ত্ৰণ জনাইছে। অৱশ্যে পাক বৈদেশিক মন্ত্ৰীগৰাকীয়ে সন্মিলনত অংশগ্ৰহণ কৰিব নে নকৰে সেই সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই পাকিস্তানে। চীনৰ বৈদেশিক মন্ত্ৰীকো এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে।