NORTHEAST NOW (Assamese)

ভাৰত সুৰক্ষিত দেশ নহয়, আই চি চিয়ে ভাৰতলৈ বিদেশী দলৰ ভ্ৰমণ বাতিল কৰিব লাগে : পাকিস্তানী প্ৰাক্তন অধিনায়কৰ মন্তব্য

December 28, 2019 8:10 am · এন ই নাও নিউজ
জাভেদ মিঞাদাদ, উৎস-ইণ্টাৰনেট

‘‘ভাৰত বৰ্তমান সুৰক্ষিত দেশ নহয়। আই চি চিয়ে সকলো ধৰণৰ বিদেশী ক্ৰিকেট দলৰ ভাৰত ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিব লাগে,’’ পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক জাভেদ মিঞাদাদৰ মন্তব্য।

এই বিতৰ্কিত মন্তব্যৰ পাছতে মিঞাদাদ ভাৰতীয় ক্ৰিকেট প্ৰেমী সকলৰ তীব্ৰ সমালোচনাৰ সন্মুখিন হ’বলগীয়া হৈছে।

মিঞাদাদে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰত সুৰক্ষিত দেশ নহয় বুলি উল্লেখ কৰি ভাৰতত আই চি চিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নিষিদ্ধ কৰিব লাগে বুলি মন্তব্য কৰিছিল।

মিঞাদাদৰ মন্তব্যৰ পাছতে বিভিন্নজনে পাকিস্তানত বৰ্তমান ক্ৰিকেটৰ পৰিবেশৰ কথা সোঁৱৰাই দিয়ে।

উল্লেখযোগ্য যে, পাকিস্তানত শ্ৰীলংকা ক্ৰিকেট দলৰ ওপৰত সন্ত্ৰাসবাদী দলে আক্ৰমণ চলোৱাৰ পাছত বহু বছৰলৈ পাকিস্তানত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট অনুষ্ঠিত হোৱা নাছিল।

চলিত মাহত বহু বছৰৰ মুৰত পাকিস্তানৰ ভূমিত টেষ্ট শৃংখলা অনুষ্ঠিত হৈছে। শ্ৰীলংকা ক্ৰিকেট দলে পাকিস্তানৰ সৈতে দুখন টেষ্ট মেচৰ শৃংখলাত অংশগ্ৰহণ কৰিছিল।

বাংলাদেশ ক্ৰিকেট দলেও আনকি পাকিস্তানৰ ভূমিত টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে পাকিস্তানৰ অনুৰোধ নাকচ কৰিছে।

Related News