NORTHEAST NOW (Assamese)
দেশ

উত্তপ্ত মণিপুৰ, নিৰুদ্বেগ কেন্দ্ৰ! সংসদত আজি ক’লা পোচাক পৰিধানেৰে প্ৰতীকী প্ৰতিবাদৰ সিদ্ধান্ত বিৰোধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 27, 2023 8:00 am
No-Trust motion against govt

ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে মণিপুৰ। গোষ্ঠীগত সংঘৰ্ষই জলন্ত অগ্নিকুণ্ডত পৰিণত কৰা মণিপুৰৰ অমানুষিক হিংসাত্মক কাৰ্যকলাপে সম্প্ৰতি কেৱল দেশতে নহয়, বিদেশতো উদ্বেগৰ জোকাৰণি তুলিছে। মণিপুৰৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিয়ে হচকিত কৰি তুলিছে সকলোকে।

কিন্তু সমান্তৰালভাৱে এই সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভঙ্গীয়েও আশ্চৰ্যচকিত কৰি তুলিছে দেশবাসীক। প্ৰধানমন্ত্ৰী মোদীৰ লগতে শাসকীয় এন ডি এ চৰকাৰৰ মণিপুৰৰ ক্ষেত্ৰত নিৰুদ্বেগ স্থিতিক লৈ আক্ৰমণাত্মক হৈ উঠিছে বিৰোধী।

ৰাজ্যখনৰ হিংসাজৰ্জৰ পৰিস্থিতিয়ে প্ৰায় তিনিমান সম্পূৰ্ণ কৰাৰ দিশত যদিও এই বিষয়ত এতিয়ালৈকে কোনো ৰাজহুৱা বক্তব্য প্ৰকাশ কৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে চৰকাৰৰো নাই এই বিষয়ত স্পষ্ট বক্তব্য। অশান্ত মণিপুৰলৈ শান্তি-শৃংখলা ঘূৰাই অনাত চূড়ান্ত ব্যৰ্থ হৈছে চৰকাৰ।

মণিপুৰৰ বিষয়ত অস্বাভাৱিক নিৰৱতাক লৈ প্ৰধানমন্ত্ৰী মোদী তথা চৰকাৰক ধাৰাবাহিক আক্ৰমণ চলাই আহিছে বিৰোধীয়ে। লক্ষণীয়ভাৱে কেৱল মাত্ৰ শেহতীয়াকৈ পোহৰলৈ অহা ৰাজ্যখনত সংঘটিত নৃশংস নাৰী উৎপীড়নৰ ঘটনা সন্দৰ্ভতহে মোদীৰ মুখত শুনা গৈছিল গৰিহণা।

প্ৰধানমন্ত্ৰী মোদী তথা কেন্দ্ৰীয় চৰকাৰৰ এই আশ্চৰ্যকৰ নিৰৱতাৰ বিৰুদ্ধে আজি এক প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে সাজু হৈছে বিৰোধী। আজি সংসদত ক’লা পোছাক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বিৰোধী মিত্ৰজোঁট INDIAৰ অন্তৰ্ভুক্ত সাংসদ সকলে।

এক নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰিছে বিৰোধীৰ এই সিদ্ধান্তৰ বিষয়ে। বিৰোধী মিত্ৰজোঁটৰ এগৰাকী সাংসদৰ ভাষ্য মতে, সংসদৰ চলিত অধিৱেশনৰ সময়ত মণিপুৰৰ পৰিস্থিতিৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতা অৱলম্বনৰ যি অভিযোগ, তাৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপ লোৱা হৈছে।

লক্ষণীয়ভাৱে, বুধবাৰে কেন্দ্ৰৰ এই ব্যৰ্থতা আৰু নিৰৱতাৰ বিৰোধিতাৰে চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল বিৰোধীয়ে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই প্ৰস্তাৱ স্বীকাৰ কৰি এই সন্দৰ্ভত বিতৰ্কৰ তাৰিখ শীঘ্ৰেই নিৰ্ধাৰণ কৰা হ’ব বুলি উল্লেখ কৰে।