NORTHEAST NOW (Assamese)
অসম

অৱশেষত সিদ্ধান্ত সলালে ভাৰতে: ৰাছিয়াত চীন-পাকিস্তানৰ সৈতে ভাগ নলয় সামৰিক অনুশীলনত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 30, 2020 7:56 am
india-and-pakistan-

ছ’চিয়েল মিডিয়াকে ধৰি অন্যান্য মাধ্যমত হোৱা সমালোচনাৰ অন্তত ৰাছিয়াত ছেপ্তেম্বৰৰ ১৫-২৬ তাৰিখলৈ হ’বলগীয়া কাভকাজ-২০২০ সামৰিক অনুশীলনত ভাগ লোৱাৰ সিদ্ধান্ত সলনি কৰিলে ভাৰতে।

উক্ত সামৰিক অনুশীলনত ভাৰতে বৈৰী ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ সেনাৰ সৈতে সামৰিক অনুশীলন কৰাৰ কথা আছিল।

কিন্তু শেষ মুহূৰ্তত ভাৰতে সেই সিদ্ধান্ত সলনি কৰাৰ কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মুখপাত্ৰই।

বিশেষকৈ লাডাখ সংকট সন্দৰ্ভত চীনৰ সৈতে ভাৰতৰ সংঘাত চলি থকাৰ পৰিপ্ৰেক্ষিততে ভাৰতে সিদ্ধান্ত সলনি কৰা বুলি জানিব পৰা গৈছে।

উক্ত সামৰিক অনুশীলনত ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছনৰ অন্তৰ্গত বহু কেইখন দেশে ভাগ ল’ব।

নাটো বাহিনীৰ প্ৰতিদ্বন্দ্বি এই সংস্থাৰ ভাৰতো এখন সদস্য ৰাষ্ট্ৰ।

উল্লেখ্য চীন-পাকিস্তানৰ সৈতে ভাৰতৰ অহি-নকুল সম্পৰ্কৰ পিছতো ভাৰতে  দেশ দুখনৰ সেনাৰ সৈতে একেলগে সামৰিক অনুশীলনত গ্ৰহণৰ বাবে সাজু হৈছিল।

ৰাছিয়াৰ আস্ট্ৰাখান নামৰ অঞ্চলটোত হ’বলগীয়া কাভকাজ-২০২০ সামৰিক অনুশীলন কাৰ্যসূচীত,চীন পাকিস্তান আদি দেশৰ লগতে বিশ্বৰ আন বহু কেইখন দেশে অংশগ্ৰহণ কৰিব।

চলিত বৰ্ষৰ ১৫ৰ পৰা ২৬ ছেপ্তেম্বৰলৈ চলিব লগীয়া এই সামৰিক অনুশীলন কাৰ্যসূচীত বৈৰিতা পাহৰি ভাৰতে চীন আৰু পাকিস্তানৰ সেনাৰ সৈতে সন্মিলিত সামৰিক অনুশীলনত অংশ ল’ব বুলি ঘোষণা কৰিছিল যদিও সেই সিদ্ধান্ত পিছত সলনি কৰে।

এই সামৰিক অনুশীলনত  ভাৰতৰ স্থল  বাহিনীৰ প্ৰায় ১৫০,বায়ু সেনাৰ ৪৫ আৰু নৌ সেনাৰ কেইবাজনো  বিষয়া-জোৱানে অংশগ্ৰহণ কৰাৰ কথা আছিল।