NORTHEAST NOW (Assamese)
Popular Stories

জুলাইত ছয় মেচৰ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব পাৰে শ্ৰীলংকান জাতীয় ক্ৰিকেট দল! : বিচিচিআই

May 16, 2020 8:55 pm
bhuvneshwar_571_855

যদি চৰকাৰে অনুমতি দিয়ে তেনে অহা জুলাইত ছখন সীমিত অ’ভাৰৰ মেচত অংশগ্ৰহণ কৰিবলৈ শ্ৰীলংকাৰ জাতীয় ক্ৰিকেট দলটো ভাৰত ভ্ৰমণলৈ আহিব।

আজি কথা প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে।

‘এই সকলোবোৰ চৰকাৰৰ ল’কডাউনৰ শিথিলতা, ভ্ৰমণ বিধিনিষেধৰ ওপৰত নিৰ্ভৰ কৰিছে।আমাৰ ল’ৰাবোৰৰ স্বাস্থ্য আৰু সুৰক্ষাৰ নিশ্চিতি দিলে আমি ইয়াৰ বাবে সাজু আছো।’ ব’ৰ্ডৰ কোষাধক্ষ্য অৰুণ ধুমালে কয়।

শ্ৰীলংকান ক্ৰিকেট ব’ৰ্ডে ভাৰতীয় ক্ৰিকেট নিয়্ন্ত্ৰণ ব’ৰ্ডলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

পত্ৰখনৰ জৰিয়তে শ্ৰীলংকান ব’ৰ্ডে ভাৰতত জুলাইত ছখনীয়া নিৰ্ধাৰিত আন্তৰাষ্ট্ৰীয় মেচৰ(৩ খন এদিনীয়া আন্তজাৰ্তিক আৰু ৩ খন টি২০ মেচ) শৃংখলা এটা আয়োজনৰ বাবে অনুৰোধ জনাইছিল।

অৱশ্যে কোৱাৰেন্টাইনৰ ব্যৱস্থা তথা নিয়মবোৰ মানি চলিব পাৰিলেহে শৃংখলাটো আয়োজনৰ বাবে অনুৰোধ কৰিছিল শ্ৰীলংকান ব’ৰ্ডে।

যোৱা ২৫ মাৰ্চৰ পৰাই ভাৰতীয় ক্ৰিকেটাৰসকল দেশজুৰি বলৱৎ হোৱা ল’কডাউনৰ ফলত ঘৰতে আৱদ্ধ হৈ আছে।

খেলুৱৈসকল দীৰ্ঘদিন ধৰি শাৰীৰিক অনুশীলনৰ পৰা বিৰত থকাৰ ফলত ফিটনেছৰ সমস্যাও দেখা দিব।

ইফালে ব’ৰ্ডৰ বিশেষ সূত্ৰই জনাইছে যে বি বি চি আইএ ল’কডাউন সামৰণি পৰাৰ পিছতে খেলুৱৈসকলৰ বাবে বিশেষ ফিটনেছ শিবিৰ আয়োজনৰ বাবে অপেক্ষা কৰি আছে।

উল্লেখ্য যে, খেল সম্প্ৰচাৰৰ বাবে বৰ্তমান শ্ৰীলংকান ব’ৰ্ড কোনো প্ৰতিষ্ঠানৰ সৈতে চুক্তিৱদ্ধ হৈ থকা নাই।

ভাৰত ভ্ৰমণৰ যোগেদি সম্প্ৰচাৰকক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে শ্ৰীলংকা ক্ৰিকেট সংস্থাটোৱে।