NORTHEAST NOW (Assamese)
দেশ

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 12, 2025 8:59 pm
ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পকিস্তনৰ মজত ঘোষণা হোওৱ যুদ্ধ বিৰতি চুক্তিৰ পৰৱৰ্তী পৰ্যায় সন্দৰ্ভ ডিজিএমঅ’ (ডাইৰেক্টৰ জেনেৰেল অৱ মিলিটাৰী অপাৰেচনছ)ৰ আলোচনা সমাপ্ত হৈছে। প্ৰকশিত সূত্ৰ অনুসৰি, ভাৰতৰ ডিজিএমঅ’ ৰাজীৱ ঘাই আৰু পাকিস্তানৰ ডিজিএমঅ’ কাচিফ আব্দুল্লাই গুলীচালনা বন্ধ আৰু সামৰিক কাৰ্যকলাপ হ্ৰাস কৰাৰ বিষয়ে কেইবালনীও বুজাবুজিৰ আলোচনাত বহে।

কিন্তু, সিন্ধু জল সন্ধিৰ বিষয়ে কোনো নতুন সিদ্ধান্ত বা আলোচনা হোৱা নাই বুলি জনিব পৰা গৈছে। যুদ্ধবিৰতিৰ পিছত ভাৰতে স্পষ্ট কৰি দিছে যে সিন্ধু জল সন্ধিৰ বিষয়ে সিদ্ধান্ত অপৰিৱৰ্তিত থাকিব।

 পাকিস্তানে বৈঠকত এই বিষয়টো পুনৰ উত্থাপন কৰিবলৈ চেষ্টা কৰিছিল যদিও ভাৰতে এই বিষয়ে আলোচনাৰ পৰা বিৰত থাকে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পূৰ্বে ঘোষণা কৰিছিল যে যুদ্ধবিৰতিৰ সিদ্ধান্তৰ সৈতে জড়িত কূটনৈতিক সিদ্ধান্ত অপৰিৱৰ্তিত থাকিব।

উল্লেখ্য যে যুদ্ধবিৰতি ঘোষণাৰ পিছতে দুয়োখন দেশৰ মাজত প্ৰথম আলোচনা সোমবাৰে দিনৰ ১২ বজাত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু নিৰ্ধাৰিত সময়ত সভা অনুষ্ঠিত নহৈ স্থগিত ৰখা হৈছিল। পিটিআইৰ খবৰ অনুসৰি, অৱশেষত সোমবাৰে সন্ধিয়া ৫ বজাৰ পৰা বৈঠক আৰম্ভ হয়।