NORTHEAST NOW (Assamese)

ভোকাতুৰৰ দেশত পৰিণত ভাৰত, বিশ্বৰ ১২৫ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১১১ 

October 13, 2023 4:20 pm · এন ই নাও নিউজ, গুৱাহাটী

এইবাৰ বিশ্ব ক্ষুধা সূচকাংকত ১২৫খন দেশৰ ভিতৰত ১১১ নম্বৰ স্থানলৈ অৱনমিত হ’ল ভাৰত। সূচকাংকটোত ভাৰতৰ শিশুৰ অপুষ্টিৰ হাৰ ১৮.৭ শতাংশ বুলিও কোৱা হৈছে, যিটো বিশ্বৰ ভিতৰতে সৰ্বাধিক। 

উল্লেখ্য যে শিশুৰ উচ্চতা আৰু ওজনৰ অনুপাতৰ ওপৰত ভিত্তি কৰি এই গণনা কৰা হয়। এই প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ চৰম পুষ্টিহীনতাৰ ছবিখন পোহৰলৈ আহিছে। 

কিন্তু বৃহস্পতিবাৰে এই সূচকাং প্ৰকাশ পোৱাৰ পিছত নৰেন্দ্ৰ মোডী চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে ইয়াক ত্ৰুটিপূৰ্ণ আৰু ভিত্তিহীন বুলি উলাই কৰে।

 উল্লেখ্য যে ২০২২ চনত এই সূচকাংকত ১২১খন দেশৰ ভিতৰত ভাৰতে ১০৭ নম্বৰ স্থান লাভ কৰিছিল। এইবাৰ ভাৰতে আৰু চাৰিখন দেশৰ তললৈ নামি যোৱাৰ বিপৰীতে চুবুৰীয়া দেশ পাকিস্তানে১০২ , বাংলাদেশে ৮১, নেপালে ৬৯ আৰু শ্ৰীলংকাই ৬০ তম স্থান লাভ কৰিছে।

উল্লেখ্য যে ভাৰতত পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ ৩.১ শতাংশ বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ লগতে কোৱা হৈছে, ১৬.৬ শতাংশ লোকে পৰ্যাপ্ত পৰিমাণ স্বাস্থ্যকৰ খাদ্য খাবলৈ নাপায়। ১৫ৰ পৰা ২৪ বছৰ বয়সৰ ভিতৰৰ ৫৮.১ শতাংশ মহিলা ৰক্তহীনতাত আক্ৰান্ত।

আনহাতে, এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতেই কেৱল ৩ হাজাৰ লোকৰ জৰীপ কৰি পুষ্টিহীনতাৰ মাত্ৰা জুখিছিল বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Related News