NORTHEAST NOW (Assamese)
অসম

অসুখী ভাৰত! সুখী দেশৰ তালিকাত পাকিস্তানতকৈয়ো তলত স্থান ভাৰতৰ; শীৰ্ষত কোন?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 20, 2021 2:28 pm
WhatsApp Image 2021-03-20 at 1.52.48 PM

সুখী দেশৰ তালিকাত একেবাৰে শেষৰ পিনে স্থান লাভ কৰিছে ভাৰতে।শুকুৰবাৰে প্ৰাকশিত ৰাষ্ট্ৰসংঘৰ বিশ্বৰ সুখী দেশৰ প্ৰতিবেদন-২০২১ৰ তালিকা ১৪৯খন দেশৰ ভিতৰত ১৩৯সংখ্যক স্থান লাভ কৰিছে ভাৰতে।

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ এই তালিকাত একেৰাহে চাৰিবছৰৰ বাবে শীৰ্ষ স্থান লাভ কৰিছে ফিনলেণ্ডে।

ৰাষ্ট্ৰসংঘৰ ছাছটেইনেব’ল ডেভেলপমেন্ট ছলিউশ্যন নেটৱৰ্কে কোভিড-১৯ৰ প্ৰভাৱ তথা কিদৰে বিশ্বৰ লোকসকলে সফলতা লাভ কৰিছে তাৰ ওপৰত পৰ্যালোচনা কৰি প্ৰতিবেদনখন প্ৰকাশ কৰিছে।

প্ৰতিবেদনত দেশৰ ১৪৯খন দেশৰ লোকে নিজকে কিমান সুখী বুলি ভাৱে তাৰ ওপৰতে প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন।

উল্লেখ্য যে ২০১৯ত এই প্ৰতিবেদনত ভাৰতৰ স্থান আছিল ১৪০নম্বৰত। এইবাৰ দেশখনে এটা স্থান আগবাঢ়িছে।

ৰাষ্ট্ৰসংঘৰ এক বিবৃতিত কোৱা হৈছে,’’ভাৰতৰ ক্ষেত্ৰত ব্যক্তিগত আৰু টেলিফোন দুয়োটা নমুনাই গ্ৰহণ কৰা হৈছে। ২০২০চনত ভাৰতীয়সকলৰ জীৱনযাত্ৰাত তেনে কোনো পৰিৱৰ্তন ঘটা নাই।‘’

বিশ্বৰ আটাইতকৈ সুখী দেশৰ তালিকাত ফিনলেণ্ডে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে তাৰ পাছতে তালিকাত স্থান লাভ কৰিছে আইছলেণ্ড, ডেনমাৰ্ক, ছুইজাৰলেম্ড, নেদাৰলেণ্ড, ছুইডেন, জাৰ্মানী আৰু নৰৱেই।

এই তালিকাত পাকিস্তানৰ স্থান ১০৫তম, বাংলাদেশৰ ১০১তম আৰু চীনে লাভ কৰিছে ৮৪তম স্থান।

সেইদৰে, বিশ্বৰ আটাইতকৈ অসুখী দেশৰ তালিকাত আছে আফগানিস্তান(১৪৯), জিম্বাবুৱে(১৪৮), ৰুৱাণ্ডা(১৪৭) আৰু বছনিয়া(১৪৬)।

যিয়েই নহওক, ৰাষ্ট্ৰসংঘৰ এই সুখী দেশৰ তালিকাৰ অন্তিম ভাগত স্থান লাভ কৰা ভাৰতৰ বৰ্তমান পৰিস্থিতিয়ে স্বাভাৱিকতেই এক চিন্তাৰ উদ্ৰেক কৰিব।