NORTHEAST NOW (Assamese)
Popular Stories

ভয়াৱহতাৰ ইংগিত; ক’ৰ’না আক্ৰান্তৰ সংখ্যাৰে ৰাছিয়াক অতিক্ৰম ভাৰতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2020 10:21 pm

ক’ৰ’না ভাইৰাছৰ আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ ভিতৰত তৃতীয় স্থানত উপনীত হ’ল ভাৰত। ক’ৰ’নাক্ৰান্তৰ সংখ্যাৰে আজি ভাৰতে ৰাছিয়াক অতিক্ৰম কৰে।

বিশ্বৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হোৱা দেশখন হ’ল আমেৰিকা। আনহাতে দ্বিতীয় স্থানত আছে ব্ৰাজিল।

আমেৰিকাত এই পৰ্যন্ত ২৯.৪৬ লাখ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১.৩২ লাখ লোকৰ মৃত্যু হৈছে। ইফালে ব্ৰাজিলত ১৫.৭৮ লাখ লোক আক্ৰান্ত হৈছে আৰু ৬৪ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

ইফালে ভাৰতত আজি সন্ধিয়ালৈকে প্ৰকাশ পোৱা তথ্য অনুসৰি ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ৬.৮৭ লাখ। আজি নতুনকৈ ১৩ হাজাৰ লোক এই মহামাৰী ভাইৰাছবিধৰ কৱলত পৰিছে।

ভাৰতত মৃত্যুৰ সংখ্যা হৈছে ১৯,২৬৮।

আনহাতে ভাৰতে অতিক্ৰম কৰা ৰাছিয়াত এই পৰ্যন্ত সৰ্বমুঠ ৬.৮১ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। তদুপৰি এই ভাইৰাছবিধৰ ফলত ৰাছিয়াত প্ৰায় ১০ হাজাৰ লোকৰ মৃত্যু ঘটিছে।

উল্লেখ্য যে বিগত কিছুদিন ধৰি ভাৰতত সংহাৰী ৰূপ ধাৰণ কৰিছে ক’ৰ’না ভাইৰাছে। বিগত এসপ্তাহ ধৰি প্ৰায় ১৫ৰ পৰা ২০ হাজাৰ লোক প্ৰতিদিনে নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈ আছে।

ভাৰতৰ বাবে আশাৰ খবৰ এটাই যে ক’ৰ’না আক্ৰান্তৰ সংখ্যাৰ তুলনাত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা অধিক। ভাৰতত এই পৰ্যন্ত ৪.১০ লাখ ৰোগী সুস্থ হৈ উঠিছে।