NORTHEAST NOW (Assamese)
অসম

দেশত আজি কিমান লোক কৰ’নাত আক্ৰান্ত হ’ল; মাৰাত্মক ভাইৰাছত কিমানজনে হেৰুৱালে প্ৰাণ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2021 12:27 pm
Corona India

দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে যোৱা ২৪ ঘন্টাত সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ দৰে ৪০হাজাৰৰ সামান্য তলত থাকিল। সেইদৰে দৈনিক মৃত্যুৰ সংখ্যাও প্ৰায় একে থাকিল।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩৯ হাজাৰ ৭৪২জন লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৩৯ হাজাৰ ৯৭ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ১৩লাখ ৭৩হাজাৰতকৈ সামান্য বেছি।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৫৩৫ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ২০ হাজাৰ ৫৫১জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৩৯ হাজাৰ ৯৭২ জন।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৫লাখ ৪৩ হাজাৰ ১৩৮ জন।

দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪লাখ ৮হাজাৰ ২১২জন।

ইপিনে, দেশত এতিয়ালৈকে ৪৩কোটি ৩১ লাখ ৫০হাজাৰ ৮৬৪জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানাম গেব্ৰিয়াছুছে অলপতে সদৰী কৰিছিল যে বিশ্বত ইতিমধ্যে কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈ গৈছে।

ইপিনে, দেশত কৰ’না পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰি আহিছে বিশেষজ্ঞসকলে। তাৰ মাজতে দেশত কৰ’না ভাইৰাছৰ কেইবাটাও ভেৰিয়েন্টৰ অৱস্থিতি ধৰা পৰিছে।