NORTHEAST NOW (Assamese)
অসম

পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ভাৰতত এদিনতে ক’ৰ’না মুক্ত ২৮,৪৭২ গৰাকী লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 22, 2020 11:38 am
WhatsApp Image 2020-07-18 at 9.36.34 AM

ভাৰতত ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাই মঙলবাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে।

বিগত ২৪ ঘণ্টাত দেশত মুঠ ২৮,৪৭২ গৰাকী লোকে চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰে।

দুবাৰকৈ কৰা ক’ৰ’না পৰীক্ষাত এইসকল লোকৰ ফলাফল নিগেটিভ অহাৰ পাছত এইসকল লোকক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰা হয়।

বিগত ২৪ ঘণ্টাত দেশত আৰোগ্য হৈ উঠা লোকৰ সংখ্যা হৈছে এইপৰ্যন্ত ভাৰতত ক’ৰ’নাৰ পৰা এদিনত আৰোগ্য লাভ কৰা লোকৰ সৰ্বাধিক সংখ্যা।

উল্লেখযোগ্য যে, ভাৰতত এই পৰ্যন্ত মুঠ ৭,৫৩,০৪৯ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ পৰা সম্পুৰ্ণৰূপে সুস্থ হৈ উঠিছে।

আনহাতে, বিগত ২৪ ঘণ্টাত দেশত ৩৭,৭২৪ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

ভাৰতত এই পৰ্যন্ত মুঠ ১১,৯২,৯১৫ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মুঠ ২৮,৭৩২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।