NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাতংক; যোৱা ২৪ ঘণ্টাত দেশত ৭৭৩ টা পজিটিভ, ৩২ আক্ৰান্তৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2020 6:57 pm
images.jpeg-2(1)

সমগ্ৰ বিশ্বতে নৰ সংহাৰ চলোৱা ক’ৰ’না ভাইৰাছে অপ্ৰতিৰোধ্য গতিৰে ভাৰততো সংক্ৰমণ ঘটা দেখা গৈছে।

যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ৭৭৩ টা ক’ভিড১৯ ৰ পজিটিভ কেচ পোৰহলৈ অহাৰ বিপৰীতে ৩২ আক্ৰান্তৰ মৃত্যু ঘটিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰিছে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(ICMR)ৰ তথ্য অনুসৰি বৰ্তমানলৈকে দেশত ১,২১,২৭১ জন লোকৰ স্বাস্থ্যৰ নমুনা পৰীক্ষা কৰা হৈছে।

ICMRৰ মতে দেশৰ ১৩৯ টা চৰকাৰী আৰু ৬৫ টা ব্যক্তিগত পৰীক্ষাগাৰত দৈনিক ১৩,৩৪৫ টাকৈ স্বাস্থ্যৰ নুমনা পৰীক্ষা কৰা হৈছে।

ইফালে মানৱ সম্পদ মন্ত্ৰালয়ে দেশত ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁইজবলৈ চিকিৎসক, চিকিৎসাকৰ্মী আৰু ৰেড ক’ৰ্ছৰ স্বেচ্ছাসেৱক সকলক লৈ ফিল্ড-লেভেল অ’ৰিয়েন্টেশ্যনৰ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হ’ব বুলি জনাইছে।

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰয়োজন সাপেক্ষে দেশৰ ষ্টেডিয়ামসমূহত ক’ৰ’না আক্ৰান্তক চিকিৎসা প্ৰদানৰ বাবে প্ৰস্তুত কৰিব তুলিব বুলিও জানিবলৈ দিছে।