NORTHEAST NOW (Assamese)
অসম

Covid-19 Update দেশত কৰ’নাত মৃত্যুৰ সংখ্যাত যোগ হ’ল আৰু ২হাজাৰ ৭৯৬জন; নিয়ন্ত্ৰণাধীন দৈনিক সংক্ৰমণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 5, 2021 11:11 am
coronavirus71-1622016981

Covid-19 Update দেশত অ’মিক্ৰন ভেৰিয়েন্টৰ আতংক বিয়পি পৰাৰ সময়ত দৈনিক আক্ৰান্ত আৰু মৃত্যু দুয়োটাই সন্তুলিত আৰু নিয়ন্ত্ৰণাধীন হৈ থকাৰ মাজতে একাধিক ৰাজ্যই কৰ’নাত মৃত্যুৰ সংখ্যা সংশোধন কৰিলে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে যে বিহাৰ চৰকাৰে ২হাজাৰ ৪৩৬জনৰ মৃত্যুৰ কাৰণ পুনৰ্বিবেচনা কৰি সেয়া কৰ’নাত মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। একেদৰে কেৰেলাই ২৬৩ জনৰ মৃত্যু কৰ’নাত হোৱা বুলি পুনৰ্বিবেচনা কৰি নিশ্চিত কৰিছে।

ইয়াৰ ফলত দেশত এদিনত কৰ’নাত মৃত্যুৰ সংখ্যা ২হাজাৰ ৭৯৬জনলৈ বৃদ্ধি পালে।

Also Read: Nagaland Firing Incident: উত্তপ্ত নাগালেণ্ড! মন জিলাত উত্তেজিত জনতাৰ আক্ৰমণত নিহত সেনা জোৱান, আন ৬জোৱান আহত

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে হাজাৰ ৮৯৫ জন লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল হাজাৰ ৬০৩ জন লোক।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭ হাজাৰ ৩২৬জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে হাজাৰ ৯১৮ জন।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪০লাখ ৬০ হাজাৰ ৭৭৪জন

Also Read: Northeast Now Exclusive: চৰকাৰৰ এটা ভুল নীতিৰ মাৰাত্মক ফল ভুগিব নেকি আৰক্ষীৰ লগতে মহানগৰবাসীয়ে?

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৯৯হাজাৰ ১৫৫জন।

বৰ্তমানলৈ দেশত ১২ কোটি ৬১লাখ ৮৩ হাজাৰ ৬৫জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ১কোটি লাখ লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

কৰ’নাৰ সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণাধীন হ’লেও নতুন প্ৰজাতি অ’মিক্ৰনকলৈ শংকা বৃদ্ধি পাইছে। ইতিমধ্যে আন্তৰ্জাতিক বিমানসেৱা বাতিল কৰা হৈছে।

Also Read: Sex racket নগাঁৱত আৰক্ষীয়ে উৎখাত কৰিলে দেহ ব্যৱসায়ী চক্ৰ

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।