NORTHEAST NOW (Assamese)
অসম

দেশত সুস্থ হৈ উঠিছে ১৪লাখ কৰ’না ৰোগী; ২৪ ঘন্টাত আক্ৰান্তৰ সংখ্যা ৬০হাজাৰ অতিক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 8, 2020 11:50 am
Covid-test-image

শনিবাৰে আক্ৰান্তৰ সংখ্যাই নতুন অভিলেখ গঢ়া নাই যদিও যোৱা ২৪ ঘন্টাত দেশত আক্ৰান্তৰ সংখ্যা ৬০হাজাৰ অতিক্ৰম কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, শনিবাৰে পুৱা ৮বজালৈকে ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ২০লাখ ৮৮হাজাৰ ৬১১জন।

সেইদৰে বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে ৬১ হাজাৰ ৫৩৭জন লোক।

একেৰাহে যোৱা দুদিনত আক্ৰান্তৰ সংখ্যা ৬০হাজাৰ অতিক্ৰম কৰিছে।যোৱা ৩০ জুলাইৰ পৰা দেশত প্ৰতিদিনে ৫০হাজাৰতকৈ অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে।

কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে জানিবলৈ দিছিল যে কেন্দ্ৰ তথা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কাৰ্যকৰী পৰীক্ষা, চিনাক্তকৰণ আৰু চিকিৎসা প্ৰক্ৰিয়া ৰূপায়নৰ ফলত আন আন দেশৰ তুলনাত প্ৰতি ১০লাখ লোকৰ ভিতৰত ভাৰতত কোভিড-১৯ আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা বহু কম।

যোৱা ২৪ঘন্টাত দেশত কোভিড-১৯ৰ ফলত ৯৩৩জন লোকৰ মৃত্যু হৈছে। শনিবাৰে পুৱালৈকে দেশত এতিয়ালৈকে কৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে মুঠ ৪২হাজাৰ ৫১৮জন।

আনহাতে, যোৱা ২৪ ঘন্টাত দেশত ৪৮হাজাৰ ৯০০জন কৰ’না আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে।

এতিয়ালৈকে দেশত সুস্থ হৈ উঠা কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে মুঠ ১৪লাখ ২৭হাজাৰ ৫জন। সেইদৰে দেশত সুস্থতাৰ হাৰ হৈছে ৬৮.৩২শতাংশ।