NORTHEAST NOW (Assamese)

দেশত এতিয়ালৈকে ক’ৰ’নামুক্ত হৈছে ৯৯ লাখ ৭৫ হাজাৰৰো অধিক লোক

January 5, 2021 11:53 am · এন ই নাও নিউজ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে জানিব দিয়া অনুসৰি মঙলবাৰে দেশত ১৬,৩৭৫ গৰাকী লোক নতুনকৈ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

যোৱা ২৪ ঘণ্টাত ২০১ গৰাকী লোকে এই সংক্ৰমণৰ ফলত মৃত্যুমুখত পৰাৰ লগতে ২৯,২০৯ গৰাকী ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতিছে।

দেশত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১০,৩৫৬,৮৪৪ গৰাকী।

স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্যত এটা কথা জানিব পাৰি যে বিগত দিন সমূহৰ তুলনাত সোমবাৰ আৰু মঙলবাৰে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা সামান্যভাৱে হ্ৰাস পাইছে।

বৰ্তমান দেশত ২,৩১,০৩৬ গৰাকী সক্ৰিয় ৰোগী আছে।

আনহাতে ৯৯,৭৫,৯৫৮ গৰাকী লোক ক’ৰ’নাৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিছে।

ইফালে ক’ৰ’না সংক্ৰমণৰ ফলত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ১,৪৯,৮৫০ গৰাকীয়ে।

উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰ্যালয়ে সোমবাৰে জানিব দিয়া অনুসৰি ক’ৰ’নাৰ নতুন ষ্ট্ৰেইনৰ সংখ্যা ৩৮ লৈকে বৃদ্ধি পাইছে। মন্ত্ৰ্যালয়ৰ মতে সোমবাৰে ৯ গৰাকী লোকৰ দেহত নতুন ষ্ট্ৰেইনৰ অৱস্থিতি ধৰা পৰিছিল।

Related News