NORTHEAST NOW (Assamese)
অসম

Covid-19 Update: দেশত ২৪ ঘন্টাত কৰ’নাত ২০ জন লোকৰ মৃত্যু; ৯০ হাজাৰ অতিক্ৰম সক্ৰিয় ৰোগীৰ সংখ্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 25, 2022 11:09 am

যোৱা কেইমাহমানত কৰোনাত মৃত্যুৰ সংখ্যা তথা চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ যথেষ্ট হ্ৰাস পাইছিল। সেইকাৰণে জনসাধাৰণৰ এক বৃহৎ অংশই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণক সহজভাৱে লোৱা আৰম্ভ কৰিছিল। বৰ্তমান দেশৰ উৰ্ধমুখী কৰোনা গ্ৰাফে কিন্তু বিপদৰ আশংকাহে বৃদ্ধি কৰিছে। সক্ৰিয় ৰোগীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰত সংক্ৰমণৰ হাৰ উদ্বেগজনক হৈ দেখা দিছে।

শনিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ১৫,৯৪০ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। পূৰ্বৰ দিনটোত এই সংখ্যাই ১৭হাজাৰৰ সীমা অতিক্ৰম কৰিছিল।

লগতে পঢ়ক: দিখৌত জাপ দি আত্মহত্যা কৰা শিৱসাগৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াৰ ঘটনাৰ নতুন মোৰ; মাতৃৰ এজাহাৰ

দৈনিক সংক্ৰমণ সামান্য হ্ৰাস পাইছে যদিও সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে। বৰ্তমান দেশত সক্ৰিয় ৰোগী ৯১,৭৭৯ জনলৈ বৃদ্ধি পাইছে। সমগ্ৰ দেশত সক্ৰিয় ৰোগীৰ হাৰ ০.২১ শতাংশ।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত যোৱা ২৪ ঘন্টাত ২০ জন লোকে কৰ’নাত প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে দেশত কৰ’নাৰ ফলত হোৱা মৃত্যুৰ মুঠ সংখ্যা হৈছে ৫ লাখ ২৪ হাজাৰ ৯৭৪ জন।

বিগত ২৪ ঘণ্টাত কেৱল মহাৰাষ্ট্ৰতে ৪,২০০ ৰো অধিক লোক সংক্ৰমিত হৈছে। কিন্তু মুম্বাইত সংক্ৰমণ কালিৰ তুলনাত ২৩ শতাংশ কমিছে। বাণিজ্যিক চহৰখনত এদিনত ১৮৯৮ জন লোক সংক্ৰমিত হৈছে। ৰাজধানী দিল্লীৰ কৰ’না সংক্ৰমণো কম নহয়। ইয়াত যোৱা ২৪ ঘন্টাত ১৪৪৭ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

লগতে পঢ়ক: Assam HS results 2022: ২৭জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল; জনালে মুখ্যমন্ত্ৰীয়ে

কিন্তু ইয়াৰ মাজতো একমাত্ৰ সকাহ হৈছে সুস্থতাৰ হাৰ। তথ্য অনুসৰি, এতিয়ালৈকে দেশত ৪কোটি ২৭লাখ ৬১ হাজাৰ ৪৮১ জন লোক কৰ’নাৰ পৰা আৰোগ্য হৈছে। ইয়াৰ ভিতৰত, যোৱা ২৪ ঘণ্টাত ১২ হাজাৰ ৪২৫ জন লোক কৰোনাৰ পৰা আৰোগ্য হৈছে। সুস্থতাৰ হাৰ ৯৮.৫৮ শতাংশ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে ১৯৬কোটি ৯৪ লাখৰো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত প্ৰায় ১৬ লাখ লোকে ভেকচিন  লাভ কৰিছে। টিকাকৰণৰ লগতে কৰ’না ৰোগী চিনাক্ত কৰাৰ বাবে পৰীক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। বিগত ২৪ ঘন্টাত দেশত ৩লাখ ৬৩হাজাৰ ১০৩ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে।