NORTHEAST NOW (Assamese)
অসম

দেশত অপ্ৰতিৰোধ্য কৰ’নাৰ সংহাৰ! এদিনতে আক্ৰান্ত প্ৰায় ৪লাখ ১৫হাজাৰ; মৃত্যু ৩৯১৫জনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 7, 2021 11:39 am
Covid-death

দেশত পুনৰ দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যাই অভিলেখ গঢ়িছে। যোৱা ২৪ঘন্টাত কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰায় ৪লাখ ১৫হাজাৰ স্পৰ্শ কৰিছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ক’ৰ’নাত আক্ৰান্ত হৈছে ৪ লাখ ১৪ হাজাৰ ১৮৮ জন লোক।

সেইদৰে যোৱা ২৪ ঘণ্টাত দেশত ৩,৯১৫ জন কোভিড আক্ৰান্তৰ মৃত্যু হৈছে।

ইপিনে, দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৩,৩১,৫০৭ জন ৰোগীয়ে। সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ১কোটি ৭৬লাখ ১২ হাজাৰ ৩৫১ জন লোক।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ২লাখ ৩৪ হাজাৰ ৮৩ জন।

আনহাতে, বৰ্তমানেও দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৩৬লাখ ৪৫হাজাৰ ১৬৪জন।

বৰ্তমানলৈ দেশত ১৬কোটি ৪৯ লাখ ৭৩হাজাৰ ৫৮জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

সেইদৰে, আইচিএমআৰৰ প্ৰতিবেদন অনুসৰি, যোৱা ২৪ঘন্টাত ২১লাখ ২৬ হাজাৰ ৪৯০টা কোভিড নমুনা পৰীক্ষা কৰা হৈছে।

বৰ্তমান দেশত কোভিশ্বিল্ড আৰু কোভাক্সিন ভেকচিন প্ৰদান কৰি থকা হৈছে যদিও শেহতীয়াকৈ ভাৰত আহি পাইছে ৰাছিয়াৰ স্পুটনিক ভি ভেকচিন। এই ভেকচিনো শীঘ্ৰে প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।