NORTHEAST NOW (Assamese)
Popular Stories

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2026 3:37 pm

ছুইজাৰলেণ্ডৰ লুচাৰ্ণা চহৰত অনুষ্ঠিত ২০২৬ বৰ্ষৰ তৃতীয়খন ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতীয় সেনা বাহিনীত কৰ্মৰত লক্ষ্য আৰু উজ্জ্বল কুমাৰ সিঙে দেশৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। শনিবাৰে অনুষ্ঠিত লাইটৱেইট মেনছ ডাবল স্কালছৰ ফাইনেলত ভাৰতীয় যুটীটোৱে ৬:২৬.০৯ ছেকেণ্ড সময়ত হংকং আৰু নেডাৰলেণ্ডছক পৰাস্ত কৰি এই বিৰল সন্মান আজুৰি আনিবলৈ সক্ষম হয়। বিশ্ব ৰোৱিং চেম্পিয়নশ্বিপৰ পূৰ্বে অনুষ্ঠিত এই সন্মানীয় প্ৰতিযোগিতাত ভাৰতে লাভ কৰা এইটোৱেই হৈছে প্ৰথমটো স্বৰ্ণ পদক।

প্ৰতিযোগিতাখনৰ প্ৰথমটো পদক সেশ্যনৰ ফাইনেলত ভাৰতীয় যুটীটোৱে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত হংকঙৰ লাম ছান টুং আৰু চান টিক লুঙক (৬:২৭.১৪) তথা নেডাৰলেণ্ডছৰ যুটীক (৬:২৭.৩৬) পিছ পেলাই খিতাপ দখল কৰে। উল্লেখ্য যে হংকঙৰ এই যুটীটোৱে চলিত বৰ্ষৰ প্ৰথমখন ৱৰ্ল্ড ৰোৱিং কাপত জয়লাভ কৰিছিল। কিন্তু লক্ষ্য আৰু উজ্জ্বলে আৰম্ভণিৰে পৰা সুন্দৰ প্ৰদৰ্শনেৰে এই বৃহৎ বিজয় সাব্যস্ত কৰে।

এই ঐতিহাসিক বিজয়ৰ আঁৰত খেলুৱৈসকলৰ দক্ষতাৰ দিশটোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে। স্বৰ্ণ পদক জয়ী লক্ষ্য আৰু উজ্জ্বল কুমাৰ সিং দুয়োগৰাকীয়েই ভাৰতীয় সেনা বাহিনীৰ জোৱান। লুচাৰ্ণলৈ যোৱা ১৮ জনীয়া ভাৰতীয় দলটোৰ ১৭ গৰাকী খেলুৱৈয়েই ভাৰতীয় সেনাৰ পৰা যোৱাৰ বিপৰীতে এগৰাকী খেলুৱৈ ভাৰতীয় নৌ সেনাৰ অন্তৰ্গত। ইয়াৰ জৰিয়তে ৰোৱিং খেলৰ আন্তঃগাঁথনি আৰু খেলুৱৈৰ বিকাশৰ ক্ষেত্ৰত সশস্ত্ৰ বাহিনীয়ে গ্ৰহণ কৰা দীৰ্ঘদিনীয়া বিনিয়োগৰ প্ৰতিফলন ঘটিছে।

এই সাফল্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰ্মী ৰোৱিং নডৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল ৰামকৃষ্ণনে সংবাদ মাধ্যমৰ আগত ইয়াক দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক নিৰ্ণায়ক মুহূৰ্ত বুলি অভিহিত কৰে। তেওঁ কয় যে লক্ষ্য আৰু উজ্জ্বল কুমাৰ সিঙে ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক জয় কৰি খেলুৱৈসকলৰ অপৰিসীম সম্ভাৱনা প্ৰদৰ্শন কৰিছে। আৰ্মী ৰোৱিং নডত চলোৱা বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ ফলতেই এই সফলতা সম্ভৱ হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই জয়ে ভাৰতীয় সেনা আৰু সমগ্ৰ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে আৰু ই আগন্তুক দিনত নৱপ্ৰজন্মক ৰোৱিং খেলৰ প্ৰতি আগ্ৰহী কৰি ভাৰতৰ অলিম্পিকৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব।

লুচাৰ্ণৰ প্ৰসিদ্ধ ৰোটছী কৰ্ছত ফাইনেলৰ প্ৰথমটো দিনতেই ভাৰতে এই পদক লাভ কৰিবলৈ সক্ষম হয়। শান্ত পানী আৰু অলিম্পিক মানদণ্ডৰ দুহেজাৰ মিটাৰৰ ছয় লেনযুক্ত এই স্থানক ৰোৱিং খেলৰ অন্যতম শ্ৰেষ্ঠ স্থান হিচাপে গণ্য কৰা হয়। দেওবাৰে অলিম্পিক শ্ৰেণীৰ ফাইনেল মেচসমূহৰ জৰিয়তে তিনিদিনীয়া এই প্ৰতিযোগিতাখনৰ সামৰণি পৰিব।