NORTHEAST NOW (Assamese)
Popular Stories

নিজেই অভাৱগ্ৰস্ত; অথচ চাইবেৰিয়ালৈ ৯০ টন COVID-19 ৰ চিকিৎসা সামগ্ৰী প্ৰেৰণ ভাৰতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2020 11:05 am
EUSKmwFXkAAvojW

বিশ্বৰ লগতে ভাৰততো ক’ৰ’নাই নৰ সংহাৰৰূপ ধাৰণ কৰিছে।

দেশত ক্ৰমশঃ বৃদ্ধি পাই আহিছে ক’ৰ’নাক্ৰান্তৰ সংখ্যা। আক্ৰান্তৰ চিকিৎসা সামগ্ৰীৰ নাটনিৰ কথা দেশৰ সবৰ্ত্ৰে চৰ্চা চলিছে।

আনকি এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে চীনৰ পৰা চিকিৎসা সামগ্ৰী আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে।

তেনে এক সময়তে পোহৰলৈ আহিছে ভাৰতে ক’ৰ’না ভাইৰাছৰ ৯০ টন চিকিৎসা সামগ্ৰী চাইবেৰিয়ালৈ প্ৰেৰণ কৰিছে।

সমগ্ৰ বিষয়টো  পোহৰলৈ আহিছে চাইবেৰিয়াৰ UNDP (United Nations Development Programme)ৰ এটা টুইটৰ পৰা।

অৱশ্যে ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে এই বিষয়ে অজ্ঞতাহে প্ৰকাশ কৰিছে।

UNDPৰ টুইটোত উল্লেখ আছে যে, দুখন কাৰ্গ’ বয়িং বিমানেৰে ৯০ টন চিকিৎসা সামগ্ৰী ভাৰতৰ পৰা বেলগ্ৰেডে লাভ কৰাৰ কথা।

উক্ত ৯০ টন সামগ্ৰীৰ ভিতৰত ৫০ টন চাৰ্জিকেল গ্ল’ভছ আছে। তাৰোপৰি মাস্ক আৰু চিকিৎসা কৰ্মীয়ে পৰিধান কৰা পোছাকো আছে সেই সামগ্ৰীসমূহৰ ভিতৰত।

কোচি বিমান বন্দৰৰ মুখপাত্ৰই কয় যে যোৱা ২৯ মাৰ্চত বিমান বন্দৰটোৰ পৰা ৩৫ লাখ বীজাণু মুক্ত চাৰ্জিকেল গ্ল’ভছৰ যোৰা প্ৰেৰণ কৰাৰ চালান কটা হৈছিল।

আনহাতে ট্ৰেন্সভিয়াক্সপ’ৰ্ট এয়াৰলাইন্সৰ কাৰ্গ’ ফাইটাৰ বিমানেৰে ৩০ টন চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰাৰ ৰচিদো আছে কোচিন কাষ্টমৰ কাৰ্য়ালয়ত।

এই কথা পোহৰলৈ অহাৰ লগে লগে কংগ্ৰেছে চৰকাৰক আক্ৰমণ কৰা দেখা গৈছে।

কংগ্ৰেছে আক্ৰমণ কৰি কয় যে, দেশত ক’ৰ’না ভাইৰাছে সংক্ৰমণ ঘটাৰ পিছত আক্ৰান্তৰ চিকিৎসা সেৱাত নিয়োজিত দেশৰ প্ৰায় এশ চিকিসৎকক সুৰক্ষিত চিকিৎসা সামগ্ৰীৰ অভাৱৰ কাৰণে কোৱাৰেন্টাইন কৰিবলগীয়া হৈছে।

তেনে অৱ্স্থাত চাইবেৰিয়ালৈ চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰাটোক দলটোৱে মানি ল’ব পৰা নাই।

ইফালে যোৱা সোমবাৰে ভাৰতে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চীন আৰু দক্ষিণ কোৰিয়াৰ পৰা চিকিৎসা সামগ্ৰী আমদানি কৰাৰ কথা ঘোষণা কৰিছিল।