NORTHEAST NOW (Assamese)
অসম

ভাৰতে চীনা বি আৰ আই এৰিব নালাগে: স্বামী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 11, 2020 9:05 pm
Subramanian Swamy

চীনে যদি কাশ্মীৰক লৈ ভাৰতৰ সংবেদনশীলতাক সন্মান কৰে আৰু পাকিস্তান দখলীকৃত কাশ্মীৰত যিকোনো অৰ্থনৈতিক কৰিদ’ৰ গঠনৰ পৰা আঁতৰি থাকে, তেন্তে ভাৰতে চীনৰ বেল্ট এণ্ড ৰ’ড ইনিচিয়েটিভ (BRI)ত যোগ দিয়াৰ কথা বিবেচনা কৰিব লাগে, বিজেপি সাংসদ সুব্ৰমনিয়ন স্বামীয়ে শনিবাৰে কয়।

স্বামীয়ে ক’লকাতাস্থিত থিংক টেংক CENERS-K আয়োজিত ইণ্ড’-পেচিফিক সন্মিলন এখনৰ সামৰণি ভাষণ দিছিল।

ভাৰতীয় সেনাৰ প্ৰাক্তন মুৰব্বী জেনেৰেল শংকৰ ৰয়চৌধুৰী CENERS-Kৰ মুখ্য পৃষ্ঠপোষক, বায়ু সেনাৰ প্ৰাক্তন মুৰব্বী অনুপ ৰাহা ইয়াৰ অধ্যক্ষ। আন অৱসৰপ্ৰাপ্ত জেনেৰেলসকল ইয়াৰ পৰিচালনা সমিতিত আছে।

স্বামীয়ে কয় যে চীনাসকলে পাকিস্তানৰ দখলীকৃত কাশ্মীৰৰ মাজেৰে যোৱা চীন-পাকিস্তান ইকনমিক কৰিদ’ৰ পৰিত্যাগ কৰিব লাগে, কাৰণ ভাৰতে ইয়াক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে।

“তেওঁলোকে ভাৰতক বি আৰ আইৰ অংশ হ’ব লাগে বুলি যদি গুৰুত্বসহকাৰে ভাবে তেন্তে তেওঁলোকে ম্যানমাৰ, উত্তৰ-পূব ভাৰত আৰু বাংলাদেশ হৈ যোৱা কুনমিং-ক’লকাতা পথত মনোনিৱেশ কৰিব লাগে। দক্ষিণ এছিয়াত ই বি আৰ আইৰ মুখ্য বিন্দু হোৱা উচিত কাৰণ ই তেওঁলোকক ভাৰত আৰু বাংলাদেশৰ উদীয়মান বজাৰত প্ৰৱেশত সহায় কৰিব,” স্বামীয়ে কয়।

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্যজনে কয় যে পৰিপক্ক ক্ষমতা হিচাপে চীনে নিশ্চয়কৈ বি আৰ আই প্ৰকল্পৰ ভাল আৰু বেয়া আৰু কিদৰে ই গঢ়ি উঠে সেয়া জুখি চাব আৰু তেওঁলোকে নিশ্চিতভাৱে পাকিস্তানক বাদ দিব।

“কিন্তু ভাৰতে ইয়াৰ নিজৰ ফালৰ পৰা ইয়াৰ বিকল্প বন্ধ কৰিব নালাগে। আমি বি আৰ আইৰ বিবেচনাৰ বাবে সাজু থাকিব লাগে, চীনে যদি পাকিস্তান দখলীকৃত কাশ্মীৰৰ মাজেৰে চি পি ই চি পৰিত্যাগ কৰে আৰু ক’লকাতা-কুনমিং পথ লয় বা উত্তৰাখণ্ডৰ পৰা মুম্বাইক সংযোগ কৰে,” স্বামীৰ মত।