NORTHEAST NOW (Assamese)

উন্নয়ন ক’ত? ক্ষুধাৰ দিশৰ পৰা বাংলাদেশকো চেৰ পেলাইছে ভাৰতে

October 15, 2021 12:03 pm · এন ই নাও নিউজ,গুৱাহাটী

ক্ষুধাৰ দিশৰ পৰা এতিয়া ভাৰতৰ স্থান বাংলাদেশৰ তলত থকাৰ কথাই উন্নয়নৰ প্ৰকৃত ছবি খন দাঙি ধৰিছে।

শেহতীয়াকৈ প্ৰকাশিত বিশ্ব ক্ষুধা সূচ্যাংকত ভাৰতৰ স্থান নেপাল, পাকিস্তান আদি দেশতকৈও তলত আছে।

অৰ্থাৎ নেপাল, বাংলাদেশ, পাকিস্তান আদি দেশসমূহে ক্ষুধাৰ বিৰুদ্ধে যুঁজ দিবলৈ যিদৰে সফল হৈছে ভাৰতে তেনে কৰিব পৰা নাই।

জাৰ্মানীৰ ৱেল্ট হাংগাৰ হিলফ আৰু আয়াৰলেণ্ডৰ কনচাৰ্ণ ৱৰ্ল্ড ৱাইড নামৰ প্ৰতিষ্ঠান দুটাই প্ৰস্তুত কৰি উলিওৱা বিশ্ব ক্ষুধা সূচ্যাংকত ভাৰতৰ স্থান হৈছে ১০১।

২০২০ চনত ভাৰতৰ স্থান আছিল ৯৪।

এইবাৰ ক্ষুধা দূৰীকৰণৰ ক্ষেত্তৰত ভাৰতৰ স্থান যোৱা বছৰতকৈও তললৈহে গ’ল।

বিশ্বৰ ১১৬ খন দেশৰ ক্ষেত্ৰত এই সীক্ষা চলোৱা হৈছিল।ক্ষুধা দূৰীকৰণৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাইছে চীন , ব্ৰাজিল, কুৱেইট আদি দেশ সমূহে।
এই তালিকাত নেপালৰ স্থান হৈছে ৭৬, বাংলাদেশ ৭৬,ম্যানমাৰ ৭১,পাকিস্তান ৯২।

পুষ্টিহীনতা,শিশুৰ মৃত্যুৰ হাৰ আদি কাৰক বোৰৰ ওপৰত ভিত্তি কৰি এই তালিকা প্ৰস্তুত কৰা হয়।

Related News