NORTHEAST NOW (Assamese)
Popular Stories

হঠাৎ আই চি চিয়ে সলোৱা নিয়মৰ বাবে সাংঘাটিক ক্ষতি বিৰাট বাহিনীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2020 10:09 am

আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল চমুকৈ আই চি চিয়ে টেষ্ট চেম্পিয়নশ্বিপৰ নিয়মত কিছু সালসলনি ঘটাইছে। ইয়াৰ সাংঘাটিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে পইণ্ট তালিকাত।

বুধবাৰৰ দিনটোলৈকে দ্বিতীয় স্থানত থকা অষ্ট্ৰেলিয়াৰ দলটো প্ৰথম স্থানত আৰু শীৰ্ষত থকা ভাৰত দ্বিতীয় স্থানলৈ অৱনমীত হ’ল।

ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ বাবে বৃহস্পতিবাৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকা নতুন নিয়মৰ অধীনত পৰিৱৰ্তন কৰা হৈছিল।

এই মুহূৰ্তলৈকে পইণ্ট তালিকাত ভাৰতৰ ৩৬০ পইণ্ট আৰু অষ্ট্ৰেলিয়াৰ ২৯৬ পইণ্ট। অষ্ট্ৰেলিয়া ভাৰতৰ পৰা ৬৪ পইণ্ট পিছ পৰি আছে কিন্তু আই চি চিয়ে টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্টবোৰ নিৰ্ণয় কৰিবলৈ নতুন নিয়ম ঘোষণা কৰিছে।

এই নতুন নিয়ম ৰূপায়ণ কৰাৰ লগে লগে অষ্ট্ৰেলিয়া প্ৰথম স্থানত আৰু ভাৰতীয় দল দ্বিতীয় স্থানত উপনীত হয়।

উল্লেখ্য যে টেষ্ট চেম্পিয়নশ্বিপৰ অধীনত ভাৰতীয় দলে এতিয়ালৈকে মুঠ চাৰিটা টেষ্ট শৃংখলা খেলিছে আৰু দলটোৰ বিজয়ৰ হাৰ হৈছে ৭৫ শতাংশ।

আনহাতে তিনিটা শৃংখলা খেলাৰ পিছত অষ্ট্ৰেলিয়াৰ দলৰ বিজয়ৰ হাৰ হৈছে ৮২.২২ শতাংশ। সেই অনুসৰিয়েই ভাৰত তালিকাৰ দ্বিতীয় আৰু অষ্ট্ৰেলিয়া প্ৰথম স্থানত আছে।

বুধবাৰলৈ ভাৰতীয় দলটোৱে প্ৰথম স্থান লাভ কৰে আৰু অষ্ট্ৰেলিয়া দ্বিতীয় স্থানত আছিল। পইণ্ট তালিকাত পৰিৱৰ্তনৰ আগতে তলত ছবিখন দিয়া হৈছে। চাওঁক।

উল্লেখ্য যে নিয়ম পৰিৱৰ্তনৰ প্ৰভাৱ কেৱল প্ৰথম আৰু দ্বিতীয় স্থানততেই পৰিছে। ইংলেণ্ড আগৰ পৰাই তৃতীয় স্থানত আছিল আৰু এতিয়াও একে স্থানত আছে।

একেদৰে, নিউজিলেণ্ডৰ বিজয়ৰ হাৰ হৈছে ৫০ শতাংশ আৰু তালিকাত আছে চতুৰ্থ স্থানত।

পইণ্ট তালিকাৰ পঞ্চমত পাকিস্তান আৰু তাৰ পিছত আছে ক্ৰমে শ্ৰীলংকা, ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশ।