NORTHEAST NOW (Assamese)
Popular Stories

কৰ’না ভাইৰাছ : ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলা বাতিল

Posted by: ভাস্কৰ কলিতা Updated by: ভাস্কৰ কলিতা March 13, 2020 7:31 pm
Kohli and D cock

কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া শৃংখলাৰ বাকী দুখন খেল বাতিল কৰা হৈছে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে কৰ’না ভাইৰাছৰ বাঢ়ি অহা আতংকৰ বাবেই এনে সিদ্ধান্ত লৈছে।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ধৰমশালাৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল বৰষুণৰ বাবে বাতিল হৈছিল।

শৃংখলাৰ দ্বিতীয় আৰু তৃতীয় এদিনীয়া খেল দুখন ক্ৰমে লক্ষ্ণৌ আৰু কলকাতাত অনুষ্ঠিত হোৱাৰ কথা আছিল।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে বিচিচিআইয়ে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি খেল দুখন দৰ্শকহীন ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও কৰ’না ভাইৰাছৰ প্ৰাদূৰ্ভাৱ ক্ৰমাৎ বৃদ্ধি পোৱাত সমগ্ৰ শৃংখলা বাতিল কৰিবলগীয়া হয়।

আনহাতে, কৰ’না ভাইৰাছৰ বাবে ২৯ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগো ১৫ এপ্ৰিললৈ পিছুৱাই দিয়া হৈছে।