NORTHEAST NOW (Assamese)

জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিবলৈ সাজু টীম ইণ্ডিয়াৰ তাৰকা স্পীনাৰ চাহাল; কইনা কোন?

August 9, 2020 7:47 am · এন ই নাও নিউজ
ভাবী পত্নীৰ সৈতে যুজবেন্দ্ৰ চাহাল।

লকডাউনৰ মাজতে গোপনে বিয়া পতা টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া পিতৃও হ’ল।

এইবাৰ কৰ’নাৰ পৰিস্থিতিৰ মাজতে বিয়াৰ এনগেজমেন্ট হৈ গ’ল টীম ইণ্ডিয়াৰ তাৰকা স্পীনাৰ যুজবেন্দ্ৰ চাহালৰ।

চাহালে নিজৰ ভাবী পত্নীৰ ছবি প’ষ্ট কৰি ছচিয়েল মিডিয়াৰ জৰিয়তে এই খৱৰ নিজেই দিছে।

টুইটাৰ, ইনষ্টাগ্ৰাম আদিত ভাবী পত্নীৰ সৈতে নিজৰ ফটো প’ষ্ট কৰি চাহালে লিখিছে,’’পৰিয়ালৰ সন্মতিক্ৰমেই আমি ৰাজী হৈছো।‘’

চাহালৰ হ’বলগীয়া পত্নী ধনুশ্ৰী বাৰ্মা পেছাত এগৰাকী চিকিৎসক হোৱাৰ উপৰি এগৰাকী কৰিঅ’গ্ৰাফাৰ আৰু এগৰাকী য়ুটিউবাৰো।

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়েও চাহালক অভিনন্দন জনাইছে।

আইপিএলৰ পূৰ্বে দলৰ তাৰকা স্পীনাৰ গৰাকীৰ এনগেজমেন্টৰ খৱৰে উফুল্লিত কৰি তুলিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক।

চাহালৰ জীৱনৰ নতুন ইনিংছৰ বাবে আগতীয়াকৈ শুভেচ্ছা জনাইছে ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ সেহৱাগ আৰু ৰোহিত শৰ্মাই।

সেইদৰে শিখৰ ধাৱান, হাৰ্দিক পাণ্ডিয়া, ইৰফান পাঠান, আকাশ চোপ্ৰা, ভুৱনেশ্বৰ কুমাৰ, ৱাশ্বিংটন সুন্দৰ, মনদ্বীপ সিঙকে আদি কৰি আন বহুতেই চাহালক অভিনন্দন জনাইছে।

Related News