NORTHEAST NOW (Assamese)
অসম

ভাৰতে সফলতাৰে পৰীক্ষণ কৰিলে ব্ৰাহ্মছ মিছাইলৰ, ৪০০ কিলোমিটাৰ ব্যাসাৰ্দ্ধত হানিব পাৰিব আঘাত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2020 3:50 pm
brah

সামৰিক ক্ষেত্ৰখনত ভাৰতে ঢাপে ঢাপে আগুৱাই গৈছে।

চীনৰ সৈতে ভাৰতৰ সংঘাত তুংগত উঠাৰ সময়তে ভাৰতে আজি মহাশক্তিশালী ব্ৰাহ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিবলৈ সক্ষম হয়।

ওড়িশাৰ বালাচোৰৰ পৰা আজি পুৱা ভাৰতে এই মিছাইল বিধৰ সফল পৰীক্ষণ কৰে।

ৰাছিয়াৰ সহযোগত ভাৰতে সাজি উলিওৱা ব্ৰাহ্মছ মিছাইলে ৪০০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব বুলি প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা মতে ব্ৰাহ্মছ মিছাইলত এইবাৰ বুষ্টাৰ ইঞ্জিন সংযুক্ত কৰা হৈছে।

ইয়াৰ ফলত মিছাইলবিধৰ শক্তি ভালেখিনি বৃদ্ধি পাব বুলি তেওঁ কয়।

উল্লেখ্য ব্ৰাহ্মছ মিছাইলৰ প্ৰথম পৰীক্ষণ সম্পন্ন কৰা হৈছিল ২০১৭ চনৰ মাৰ্চ মাহত।চলিত বৰ্ষতে এই মিছাইল বিধ ভাৰতীয় বায়ুসেনাৰ সুখয়-৩০ যুদ্ধ বিমানত স্থাপন কৰা হৈছে।

ভাৰতীয় নৌসেনাৰ আইএনএছ ৰাজপুততো এই মিছাইলবিধ স্থাপন কৰা হৈছে বুলি প্ৰতিৰক্ষা দপ্তৰৰ মুখপাত্ৰ গৰাকীয়ে জানিবলৈ দিয়ে।

ব্ৰাহ্মছ মিছাইলৰ সফল পৰীক্ষণে ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰ খনক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।বিশেষকৈ চীন-ভাৰতৰ সংঘাতৰ সময়তে এই মিছাইল বিধৰ পৰীক্ষণে ভাৰতৰ শক্তি দ্বিগুণে বঢ়াই তুলিছে।