NORTHEAST NOW (Assamese)
Popular Stories

ৰঙা চীনক প্ৰতিহত কৰিবলৈ সুউচ্চ লেহলৈ ভাৰতে নিৰ্মাণ কৰিব ৰে’লপথ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 14, 2020 5:41 pm
Ladakh-2

ৰঙা চীনক মুঠেও বিশ্বাস কৰিব নোৱাৰি। কোন মূহুৰ্তত পুনৰ ভাৰতৰ বিৰুদ্ধে জঁপিয়াই পৰে তাৰ কোনো ঠিকনা নাই ।

এনে পৰিস্থিতিত চীনৰ সাম্ভাৱ্য সকলো ধৰণৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ভাৰত সাজু হৈছে।

যুদ্ধ বা শান্তি যি কোনো সময়তে সাগৰ পৃষ্ঠৰ পৰা ১১ হাজাৰ ফুট উচ্চতাত অৱস্থিত লেহলৈ যাব পৰাকৈ ভাৰতে শীঘ্ৰে এটা ৰে’ল পথ নিৰ্মাণ কৰিব।

পাহাৰ, পৰ্বত অতিক্ৰম কৰি সাজি উলিয়াব লগীয়া এই ৰে’ল পথটোৰ নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰিব হিমাচল প্ৰদেশৰ চৰকাৰে।

হিমাচল প্ৰদেশৰ পৰিবহন মন্ত্ৰী গোবিন্দ সিং ঠাকুৰে এই প্ৰসংগত কৈছে যে ৪৭৫ কিলোমিটাৰ দৈৰ্ঘৰ এই ৰে’ল পথ নিৰ্মাণৰ বাবে ইতিমধ্যে মাটি অধিগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে।

ৰে’ল পথছোৱাত কেইবাটাও দীঘল সুৰংগ থাকিব বুলি তেওঁ কয়।

বৰ্তমান লেহলৈ যাব পৰা মাত্ৰ এটাহে পথ আছে ।

যুদ্ধ লাগিলে যদি চীনৰ সেনাই সেই পথটো বন্ধ কৰি দিয়ে ভাৰতীয় সেনাই লেহলৈ যাব নোৱাৰা হ’ব।

সেই বাবেই কেন্দ্ৰীয় চৰকাৰ শীঘ্ৰে ৰে’ল পথটোৰ নিৰ্মাণত জোৰ দিছে।

ৰে’ল পথটো পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব।